দীপাৱলীৰ উপহাৰ ~অণুগল্প- কানন বৰুৱা

দীপাৱলীৰ ফটকা ,ফুলজাৰীৰ বাবে বায়েক ৰীতাক আমনি দি থকা ষষ্ঠ শ্ৰেণীৰ ৰিঙ্কু আজি হঠাৎ ডাঙৰ হৈ গ'ল। কেইদিনমান হ'ল পঢ়া ৰূমৰ দুৱাৰখন জপাই থয়।
      ৰিঙ্কুক বায়েকে পঢ়াৰ  কথা ক'লে,পঢ়ি আছোঁ নহয়  বুলি কয়।অসুখত পৰি থকা দেউতাকক টিউচন কৰি কৰি চোৱা চিতাৰ দায়িত্বও ৰীতাই ল'ব লগাত পৰিছে। অৱসৰ লোৱাৰ পিছত তেওঁ বিছনা ল'লে।
মাক ঢুকুৱাৰ পৰাই ৰীতাৰ ভায়েকৰ প্ৰতিও দায়িত্ব
আহি পৰিল।দীপাৱলীৰ দিনা ৰীতাই টিউচন কৰি আহি দেখে ৰিঙ্কু ঘৰত নাই।এনেতে অলপ পিছত জপনাখন বন্ধ কৰি ৰিঙ্কু ভিতৰলৈ হাঁহি মাৰি সোমাই আহিল। সি হাতত এটি টোপোলা লৈ আহিছে।বায়েকে সোধাপোচা কৰাত ক'লে-তোমাৰ বাবে এটি উপহাৰ আনিছোঁ। বায়েকে ক'লে,-পইচা ক'ত পালা ?সি ক'লে-"মই প্লাষ্টিক বৰ্জন কৰা আৰু প্ৰদূষণৰ কথা কৈ থকা শুনিছিলো "-সেইবাবে আজি মই ফটকা, ফুলজাৰী পৰিহাৰ কৰিবলৈকে অন্য এটা চিন্তা কৰিলোঁ।এইকেইদিন মই কিছুমান কাগজৰ ঠোঙা তোমাক নোকোৱাকৈ বনাই আছিলোঁ। আজি মই সেইবোৰ বিক্ৰী কৰিলোঁ। সেই পইচাৰে তোমালৈ চাকি আৰু ঘৰলৈ মিঠাই আনিছোঁ। এনেতে ৰীতাৰ বিছনাৰ তললৈ চকু গ'ল, বিছনাৰ তলত দেখে কাগজৰ দ'ম আৰু আঠা। সঁচাই সি ডাঙৰ হ'ল। বায়েক ৰীতাই ভায়েকক সাৱটি ধৰিলে। তাইৰ আনন্দাশ্ৰু নিগৰি আহিল।
                    
✍️কানন বৰুৱা

Post a Comment

Previous Post Next Post