সপোন সিঁচিব পৰা তোমাৰ কোমল দুহাতেৰে
পাৰা যদি ছটিয়াই দিয়া
মুঠি মুঠি শব্দৰ সেউজীয়া,
গজি উঠক
মোৰ উদং বুকুৰ উপত্যকাত
অলেখ ভাললগা ৷
তুমি বিশ্বাস কৰা
মই প্ৰতি দিনেই কামনা কৰোঁ
তোমাৰ ভালপোৱাৰ মাজেৰে প্ৰগলভা আত্মিয়তা
তুমি নজনাকৈ
এজাক সমীৰণৰ মিঠা মায়াত
বিয়াকুল হৈ পৰিছোঁ
কাৰণ তুমিয়েইটো
মোৰ মনৰ সৰহ ঠিকনা ৷
এবাৰ কোৱানা
মই তোমাক ভালপাওঁ
গভীৰ ভাবে
হৃদয় পৰা হৃদয়লৈ
বুকুৰ বুকুলৈ কিমানো দূৰ
পাৰা যদি এবাৰ কোৱা
মই তোমাক বহুত ভাল পাওঁ ৷
✍️ মাজনী চহৰীয়া ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ