নীলা খামৰ চিঠি- ধনঞ্জয় ৰায়

©Admin
0
প্ৰতি,
      মোৰ বিশ্বাসৰ মৰমৰ ছোৱালী জনী। সেইদিনা কিন্তু তোমাৰ হাতৰ আঙুঠি আৰু কাণৰ কাণফুলি যোৰৰ প্ৰেমত পৰিছিলো।হয়তো তুমি মোক ভালকৈ লক্ষ্য কৰা নাই মই যে তোমাৰ আগফালৰ ভাজ লগা চুলি কেইটাক দেখি আছিলো মনৰ তৃপ্তিৰে। তুমি তেতিয়া ব্যস্ত আছিলা তাৰে সুযোগ মই লৈছিলোঁ। 
      আৰম্ভণি কেনেকৈ কৰিম,কি লিখিম ভাবি নোপোৱাত তোমাৰ সৌন্দৰ্য্যৰ প্ৰকাশেৰে আৰম্ভ কৰিলো তোমালৈ এখন মুক্ত চিঠি। তোমাৰ চকুত চকু পৰিলেই মই শব্দহীন প্ৰেমিক হওঁ,তোমাৰ আগত আহিলেই হৈ পৰো বলিয়া এক যুগ-যুগান্তৰ চহকী প্ৰেমীক। তোমাৰ আৰু মোৰ মাজত বহুত অভিযোগ আছে,মাজে মাজে কেতিয়াবা কাজিয়াও লাগে তাৰ বাবে মোক তুমি যি নামেৰে নামাকৰণ কৰা সঁচাই তেতিয়া মই লাজত পৰো,আৰু ভালো লাগে। এই বিলাক কৈ তোমাৰ ধুনীয়া মুৰটো শেষ নকৰো আশা কৰো কুশলে আছা।মোৰ মৰমবোৰো তোমাৰ কাষে কাষে লৈ ফুবিৰা।মই তোমাৰ মৰমবোৰোক লৈ সুখত আছো। আৰু তোমাৰ জীৱনৰ প্ৰতিটো লক্ষ্য পুৰণ হওঁক এয়াই তোমাৰ প্ৰেমৰ একপক্ষীয় প্ৰেমিকৰ কামনা। 
      আজিলৈ ইমানতে।নাজানো মোৰ চিঠি খনে তোমাৰ হৃদয় স্পৰ্শ কৰেনে নাই! আৰু এটা কথা স্কুলৰ ধেমালী বোৰ কিন্তু মোৰ মনত আজিও জীয়াই আছে তোমাৰ বাবে। 
       ইতি,
     তোমাৰ প্ৰেমৰ দুৰ্দান্ত প্ৰেমিক।

✍️ধনঞ্জয় ৰায়
ধুবুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)