আঘোণৰ নিয়ৰত সেমেকা সিক্ত বতাহজাকে - দেৱশ্ৰী ওজা বৰা

©Admin
0
আঘোণৰ নিয়ৰত সেমেকা সিক্ত বতাহজাকে ,
কোবাই যোৱা কলিজাখনৰ এচুকত তোমালৈ থকা, 
মোৰ মৰমবোৰে এদিন পূৰ্ণতা পাবনে ?
তোমাৰ ভালপোৱাবোৰত নিৰ্লিপ্তভাবে,
এদিনৰ বাবে হ'লেও নিগৰি আহিবনে ,
ভালপোৱাৰে সুভাষিত অলেখ ফুল সুগোন্ধ ৷
যদিওবা মৰহি যাব এদিন,
তথাপিও তোমাৰ মাজতেই ,
যেন বিচাৰি পাম,
মোৰ ভালপোৱা সকলোবোৰ ৷
সচাকৈয়ে মোৰ সপোনবোৰে পূৰ্ণতা পাবনে ?
তুমি ,তুমি লাগি থকা সপোনবোৰত ,
আঘোণৰ নিয়ৰত সেমেকা সিক্ত বতাহজাকৰ,
মাজতেই এদিন হেৰাই যাব নেকি ?
মোৰ ভালপোৱাবোৰ ৷
সচাকৈয়ে তুমি আহিবানে হিয়াৰ কোণত ?
সাঁচি থোৱা ভালপোৱা মাধুৰ্য্য লৈ ৷

✍️দেৱশ্ৰী ওজা বৰা
বিশ্বনাথ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)