কৰোণাকালৰ কাতিত কেৰকণ~ বৰ্ণ-বিলাস- দুলুমণি গগৈ

©Admin
0

      কাণত কণমাইৰ কেটেৰা। 
  কাঁহীৰ কাষত কাহুদি। কৰকৰাৰ কোলাহলত কেঁচু-কুমতিয়ে কান্দে। কেৰকন কিন্তু কামলৈ কেৰেপ কৰা কেলেহুৱা(!) -কদাচিতহে কোনোৱে ক'ব! 

কলকলাই কলকলাই কণপোনাই কান্দিলে । কলমতিয়াই কেৰকণক কণমাইয়ে ক'লে- 
--- " কণপোনাৰ কান্দোনলৈ কাণ কৰা।"
 ---- "কালিয়েই কিনিলো কল।" -- ক'লে কেৰকনে।
 -----"কলে কেটকুটকে কৰা নাই!!"
----- "কেঁচা কলকে কটিয়াই কটিয়াই কণপোনাৰ কান্দোন কমা !!"
  
   কণমাইয়ে ক'লে - "কাপুৰুষ!!"

     কেৰকণে কৰিব কি? কাঁহৰ কাঁহীৰ কাণে কণমাইৰ কপাল কাটে। 

    ----"কি কপাল ! কি কপাল!!"- কণমাইৰ কৃপণ ককায়েক কৰ্ণই কুম্ভীৰৰ কায়দা কৰে। 

     'কৰোনা'ৰ কৃপাত কত'টা কেৰকনৰ কৰকৰীয়া কাহিনীয়ে কলিজা কেনেবা কৰে!!!

দুলুমণি গগৈ  
শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)