প্ৰেমৰ কৰুণ পৰিণতি ~ গল্প- ৰিংকী মণি নাথ

©Admin
0
                
    
 "শ্যামলী" চৌধুৰী পৰিয়ালৰ একমাত্ৰ সন্তান , চাবলৈ গ'লে ঘৰখনৰ ভিতৰত একমাত্ৰ ছোৱালী তাইৰ আগলৈও নাই পিছলৈও নাই ।বৰদেউতাক-বৰমাক ,খুৰাক -খুৰীয়েক ককায়েক-ভায়েক ,আইতাক-ককাক সকলোৰে মৰমৰ । শ্যামলীৰ দেউতাক গড়কাপ্তানি বিভাগৰ অভিযন্ত্ৰা , খুৰাক মধুপুৰ থানাৰ অচি আৰু বৰদেউতাকহঁতেওঁ চৌধুৰী কোম্পানীৰ মালিক । চৌধুৰী পৰিয়াল মধুপুৰ অঞ্চলটোৰ ভিতৰতে আটাইতকৈ চহকী মানুহ । ধন-ধানৰ একোৰে অভাৱ নাই ,অভাৱ মাথোন তেওঁলোকৰ মানসিক জ্ঞানৰ । ৰমেশ চৌধুৰীৰ তিনিজন পুত্ৰ শ্যামলীৰ দেউতাক ৰবীন ,বৰদেউতাক প্ৰবীন আৰু খুৰাক দীপক এজনেও দেউতাকৰ স্বভাৱত নগ'ল তেওঁলোক শ্যামলীৰ ককাৰ বিপৰীত দিশে গ'ল । আন নালাগি তেওঁলোকৰ মৰমৰ ল'ৰা কেইটাও বাপেকৰ ওপৰতে উঠা। আত্ম অভিমান ,অহংকাৰী , মানুহক মানুহ বুলি নভবা চৌধুৰীৰ তিনি পুত্ৰৰ চৰিত্ৰৰ প্ৰধান কাৰণ বুলি ধৰি ল'লেও ভুল নহ'ব। কিন্তু মাইকী মানুহকেইজনী সহজ-সৰল ,স্বামীৰ কথাত উঠা-নমা কৰা বিধৰ । স্বামীয়ে সাধাৰণ কথাত গাত হাত দিলেও পাতি লোৱা ধৰণৰ । বোৱাৰীয়েকবোৰৰ দুখ দেখি শহুয়েক-শাহুয়েক হঁতেও কেতিয়াবা ভাৱে কি পাপৰ ফলত ল'ৰাকেইটাক তেওঁলোকে ডাঙৰ কৰি মানুহ বনালে।  আজি চৌধুৰীৰ পৰিয়ালত ডাঙৰ পাৰ্টী কাৰণ একমাত্ৰ ছোৱালী শ্যামলী হাই চেকেণ্ডাৰীত তিনিটা বিষয়ত লেটাৰ পায় পাছ কৰিছে। সেয়ে বৰদেউতাক ,দেউতাক সকলোৱে মিলি পাৰ্টী ৰাখিছে , নিমন্ত্ৰন কৰিছে সকলোৱে নিজৰ ষ্টটাফৰ মানুহবোৰক সকলোৱে আহিছে গৈছে খাইছে কৰিছে ।ৰাতি বাৰ বজালৈ চৌধুৰীৰ পৰিয়ালত পাৰ্টী মানুহৰ চিঞৰ-বাখৰ ; কোনোৱে এবাৰ ভাবিব চেষ্টা কৰা নাই বৃদ্ধ মাক-দেউতাকৰ কথা , তেওঁলোকে খাইছে নে নাই খোৱা চিঞৰ বাখৰত তেওঁলোকৰ কিবা অসুবিধা হৈছে নেকি ? সকলো মাথোঁ জীয়েক পাছ কৰা নামত পাৰ্টীত মচগুল ।মাজে মাজে বোৱাৰীয়েক কেইজনীয়ে ৰুমত সোমাই খবৰ লৈ যায় ,কিন্তু একো কৰিব নোৱাৰে ।এইদৰে মাজনিশালৈ তেওঁলোকৰ ঘৰত পাৰ্টী চলি থাকে।        
         শ্যামলীৰ আজি কলেজত প্ৰথম দিন কাৰণ ,ইয়াৰ আগতে তাই দেউতাকহতঁৰ অফিচৰ কাষৰ হাই চেকেণ্ডাৰীত পঢ়িছিল। সেয়ে ৰাতিপুৱা সোনকালে উঠি মাকে অকণমান পূজা পাতল কৰি ছোৱালীজনীক কলেজত যাবলৈ সাজু কৰিছে । শ্যামলীয়ো আজি নিজকে নতুন ৰপত সজায় তুলিছে ; কোনোদিনে চুৰিদাৰ পিন্ধি নোপোৱা , অনবৰতে জিন্স পেণ্ট টপ আদি পিন্ধি ঘূৰি ফুৰা শ্যামলীয়ে আজি কলেজৰ ইউনিফৰ্মৰ চুৰিদাৰ যোৰ পিন্ধি ডেচিংখনৰ ওচৰত গৈ নিজকে এবাৰ চাইছে আৰু ভাবিছে চুৰিদাৰ যোৰে তাইক আগতকৈ বেছি ধুনীয়া কৰি তুলিছে।                            

: বেবী তুমি ৰেডী হ'লানে ? আঠ বাজিলে কিন্তু ,                  
                                                      
: হ'ল মম মোৰ গৈ আছোঁ ,                                         
                 
      ৰুমৰ পৰা ওলায়ে শ্যামলী মাকৰ ভৰি চুই সেৱা কৰে তাৰ পিছত আইতাক-ককাক সেৱা কৰি কলেজলৈ যাবলৈ ওলায় ।  প্ৰথম কলেজত গৈ চিনাকী হয় শ্যামলী বহুতো নতুন ল'ৰা-ছোৱালীৰ লগত। কলেজৰ প্ৰথম দিনকেইটাত তাইৰ অলপ ভয় ভয় লাগিছিল , বন্ধু-বান্ধৱীবোৰৰ মাজত সোমাই কথা পাতি থাকিব তাই ভালপোৱা নাছিল । কলেজত সদায় সিহঁতবোৰৰ পৰা আঁতৰি থাকিছিল কাৰণ সৰুৰ পৰায়ে তাই অকলসৰীয়াকৈ থাকি ভাল পাইছিল ; কিন্তু পিছলৈ তাইৰ বহুত পৰিৰ্বতন হ'ল।  শ্যামলীয়ে এটা সময়ত নিজকে এনেকৈ সলনি কৰি পেলালে কলেজত গৈ বন্ধু-বান্ধৱীৰ কথা পাতি চিঞৰ বাখৰ নকৰিলে ঘৰত আহি মনে নবহে । শ্যামলীৰ এনে পৰিৰ্বতনক মাক-বৰমাক হঁতেও বহুত ভাল পালে।                         

: বেবী কি কৰিছা , আলমাৰীবোৰ খুলি কি বিচাৰি আছা ?                                                                      

: আণ্টী তুমি নাজান নেকি আমাৰ কলেজত অহা সপাহত যে নৱাগতা আদৰণি সভা আছে তাৰ বাবে মই কি পিন্ধি যাম কাপোৰ চয়ছ কৰি আছো ,            

: অ' সেইটো কথা কিন্তু , বেবী আমিবোৰে আকৌ এই আদৰণি সভাত মেখেলা-চাদৰ পিন্ধি গৈছিলো বহুত ভাল লাগিছিল ।                                               

: ভাল আইডিয়া দিলা আণ্টী মইয়ো মেখেলা-চাদৰকে পিন্ধি যাম , এতিয়া ডেডীক কওঁ গৈ ৰিয়া হঁতেটো মেখেলা-চাদৰ পিন্ধি আহিম বুলিয়ে কৈছে।                                                                      
    কোনোদিনে মেখেলা-চাদৰ পিন্ধি নোপোৱা ছোৱালীজনীয়ে আজি বাপেকক মেখেলা-চাদৰ কিনি আনি দিব কোৱা বাবে বাপেকে আচৰিত হ'ল । জীয়েকৰ কথা শুনি কোনো দিনে পশ্চিমীয়া সাজ-পাৰৰ বাহিৰে বেলেগ ড্ৰেছ কিনি নিদিয়া চৌধুৰীয়ে জীয়েকক বাধাও দিলে নালাগে বুলি ; তেওঁৰ মতে চৌধুৰীৰ পৰিয়ালৰ ছোৱালী কলেজত যি মন যায় তাকে পিন্ধি যাব পাৰে বাধা দিবলৈ কোনো নাই । কিন্তু মৰমৰ জীয়েকৰ কথা পেলাব নোৱাৰি , জীয়েকে কোৱামতে তাইকো লগত লৈ মাকেৰ্টলৈ বুলি চৌধুৰী ওলাই গ'ল ।  বাপেকে জীয়েকৰ কথামতে কামবোৰ কৰি যোৱা দেখি শ্যামলীৰ মাকৰ মনত ,কোনোদিনে কাৰো কথা নুশুনা চৌধুৰী আজি বেবীৰ কথামতে হে কাম কৰে ।                                                            

: ৰীণ কি ভাবি আছা নো ?                                        

: ভাবিছো বাইদেউ আমাৰ সুখ আহিব বেছিদিন নাই ; দেখা নাই জানো বেবীয়ে কেনেকৈ বাপেকক উঠা-নমা কৰাই আছে ।                                             

: তাকে মইও মনে মনে ভাবো আমাৰ বেবীয়ে ঠিক কৰিব অহংকাৰীকেইজনক ;                                    

: উমম ।                        
   আজি শ্যামলীহঁতৰ কলেজত প্ৰগেম আছে সেয়ে ৰাতিপুৱাৰ পৰা শ্যামলী কোন যোৰ মেখেলা-চাদৰ পিন্ধিলে তাইক ভাল লাগিব ঘৰৰ প্ৰতিগৰাকী মানুহক সুধি মূৰ গৰম কৰি দিছে । সকলোৱে বেলেগ বেলেগ এযোৰ চয়ছ কৰি দিয়া বাবে , শেষত তাই বান্ধৱী ৰিমাক ভিডিঅ ক'ল কৰি পাতল আকাশী ৰঙৰ মেখেলা-চাদৰ যোৰ পিন্ধি কলেজলৈ ওলাল । জীয়েকক মেখেলা-চাদৰত দেখি শ্যামলীৰ মাকক চকুপানী ওলায় আহিল কোনোদিনে ভাল নোপোৱা কাপোৰৰে আজি নিজকে ইমান ধুনীয়াকৈ সজায় তুলিছে । পিছ মুহূৰ্ততে ভাবিলে তাই ক'ৰ পৰা শিকিলে মেখেলা-চাদৰ পিন্ধিব আমি পিন্ধায়ো তাই চাই নাথাকে ।                                                                                    

 : বেবী তোমাক কোনে শিকালে মেখেলা-চাদৰ পিন্ধিব ?                                                                      

: আণ্টি মোবাইলৰ ভিডিঅ চাই শিকিলো আৰু মোৰ এতিয়া কথা পাতিব সময় নাই মই যাওঁ ; বাই ।      
             
      সকলোকে মাত দি শ্যামলী আজি অকলে ওলায় গ'ল , ককায়েকহঁতে থৈ আহিব বিচাৰিছিল তাই বাধা দিলে ।  শৰতৰ এটি ৰাতিপুৱাই শেৱালীৰ মনমোহা সুগন্ধই চৌধুৰী পৰিয়ালৈ দুখ নমাই আনিলে ; ডাঙৰ পুতেকৰ নাতিয়েকৰ লগত গুৱাহাটীত বেমাৰ দেখাবলৈ যোৱা চৌধুৰী দেউতাক আৰু ভতিজাক ঘৰলৈ উভতি অহাৰ সময়তে কাৰ এক্সিডেণ্টত মৃত্যু হয় । নিউজত বাতৰিটো পোৱাৰ লগে লগে ঘৰখনত কন্দা কটা আৰম্ভ হয় । ৰমেশ চৌধুৰীৰ তিনিজন পুতেকে গুৱাহাটীৰ পৰা বাপেক-নাতিয়েকৰ মৃতদেহ আনিবলৈ ৰাওনা হয় । আৰু ঘৰৰ মানুহ কেইজনীয়ে মাথোন উচুপিছে ।                    
            ৰাতি দহ বজাত ককাক -নাতিয়েকৰ মৃতদেহ ঘৰ‌ পায় আৰু পিছদিনা ৰাতিপুৱা ন বজাত সকলো আত্মীয়-স্বজনৰ উপস্থিতিত সৎকাৰ কাৰ্য আৰম্ভ হয় ।  তেৰদিনৰ দিনা ককাক-নাতিয়েকৰ শ্ৰাদ্ধ আদি কৰি চৌধুৰী পৰিয়াল মৰা চুৱাৰ পৰা আজৰি হয়।  বসন্তই প্ৰকৃতিৰ লগতে সকলো মানুহলৈ আনন্দ লৈ অনাৰ দৰে শ্যমলীৰ জীৱনলৈও আনিলে প্ৰেমৰ আনন্দ । শ্যামলী প্ৰেমত পৰিল এজন সহজ-সৰল মৰমীয়াল , খেতিয়কৰ ল'ৰা অৰ্পূবৰ প্ৰেমত । অৰ্পূব তাইৰ লগতে পঢ়ে পঢ়া-শুনাত বেছ চোকা কলেজৰ সকলো প্ৰফেচৰে তাক মৰম কৰে , পঢ়া-শুনাৰ লগতে খেলা-ধূলাতো সি পাৰ্গত যাৰ বাবে কলেজৰ প্ৰফেচৰ সকলে তাক য'তে ত'তে খেলিব লৈ যায় । পঢ়া-শুনাত ভাল বাবে কলেজৰ প্ৰিন্সিপালে তাক বিনামূলীয়াকৈ পঢ়াৰ সুবিধা কৰি দিছে । বান্ধৱীবোৰৰ মূখত অৰ্পূবৰ কথা শুনি শ্যামলী প্ৰথমে হিংসা কৰিছিল , তাই ভাবিছিল টোকোনা ঘৰৰ ল'ৰাৰ প্ৰতি সিহঁতৰ ইমান  
দৰদ কিয় ? আন নালাগি কলেজৰ প্ৰফেচৰ বোৰো । কিন্তু পিছতে তাৰ ভাল লগা কথাবোৰ শুনি তাই অৰ্পূবৰ প্ৰেমত নিজকে বিলীন কৰি দিলে ।   এদিন শ্যামলী সাত বজাতে ঘৰৰ পৰা ওলায় আহিল কলেজত আজি সোনকালে যাব লাগে কাম আছে বুলি ফাকিঁ দি । তাইৰ আজি মনত বহুত ফূৰ্তি , এক মাহ ধৰি কম কম বুলি ক'ব নোৱাৰো কথাটো আজি অৰ্পূবক কৈ দিব । ভাবি থাকোতেই দেখিলে অৰ্পূবক , সিও আজি কলেজত সোনকালে আহিছে ,কাৰণ তাইয়ে কালি তাক সোনকালে আহিব কৈছিল ।                                                

: অৰ্পূব আহিলা ;                                                            

: উমম আহিলো আৰু যাব লাগিব ঘৰত                        

 : কিয় যাবা আৰু                                                                   

: ভাত খায় অহা নাই , এতিয়া কোৱা কিয় সোনকালে আহিব কৈছিলা । 
: সোনাকালে কোৱা মানে এইবোৰ কথা ঘপকৈ ক'ব নোৱাৰি নহয় ,                                                                    

: তেনেহ'লে এতিয়া মই যাওঁ একেবাৰে ক্লাছত আহিলে ক'বা ।  এইবুলি যাব বিচাৰোতে অৰ্পূবক আগভেটিঁ ধৰিলে শ্যামলীয়ে ।                                                                              

: যাব নোৱাৰা , শুনা মই তোমাক ভালপায় পেলাইছো ।                                                                                
         শ্যামলীৰ মুখত ভালপায় পেলাইছো বুলি কোৱা কথাষাৰ শুনি অৰ্পূব চখ খায় উঠিল ,কাৰণ সিহঁতৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা এটাই চৌধুৰী পৰিয়ালৰ ছোৱালীক ভালপাওঁ বুলি কোৱা মানে নিজৰ মৃত্যুক নিজে মাতি অনা ।সি মাক-দেউতাক হঁতৰ মুখত গাওঁৰ সকলো মানুহৰ মুখত শুনিছে চৌধুৰী পৰিয়ালে মানুহ এটাক মাৰি পেলাব কেতিয়াও কুণ্ঠাবোধ নকৰে , নহলেনো নিজৰ ভনীয়েককে দুখীয়া ল'ৰাক ভালপোৱা বাবে ঘৰৰ ছাদৰ পৰা গতিয়াই পেলাই মাৰি আত্মহত্যাৰ ৰূপ দি পেহীয়েকৰ ভালপোৱা ল'ৰাটোক পুলিচৰ হতুৱাই মাৰধৰ কৰি পাগল বনায় পগলা ফাটেকত থয় নে ?                                                                  

: অৰ্পূব কি ভাবিছা মোৰ কথাটো                                      

: শুনা শ্যামলী তুমি যি ভাবিছা ভূল ভাবিছা মই তোমাক ভাল পাব নোৱাৰোঁ ।                                          

: কিয় বেলেগ কোনোবা আছে নেকি ? মোক যে ভালপাব নোৱাৰা ।                                                          

: সেইটো কথা নহয় শ্যামলী মোৰ ভয় লাগে তোম...

: মোলৈ তোমাৰ ভয় লাগে , হাঃ হাঃ মই বাঘ নে 
  সিংহ নে ৰাক্ষক মোক যে ভয় লাগে তোমাৰ ,            

: তোমাক ভয় লাগে বুলি কেতিয়া ক'লো মই তোমাৰ ঘৰৰ মানুহলৈ বুলিহে ক'লো ।                                              

: আমাৰ ঘৰৰ মানুহক ভয় লাগে কিন্তু কিয় ?                 

: তুমি নাজানা তোমাৰ পেহীৰ কি অৱস্থা হৈছিল তুমি সৰু হৈ থাকোতে মই সকলো জানো আমাৰ গাওঁৰ মানুহে এতিয়াও কৈ থাকে , সেই কাৰণে কৈছো মই তোমাক ভালপাব নোৱাৰো !                                 

: অ' তুমি পেহীৰ কথা ভাবি ভয় খাইছা , কিন্তু মই তেনেকোৱা কেতিয়াওঁ হ'ব নিদিওঁ ।                           

: কিন্তু ?                                                                  

: কোনো কিন্তু নাই সকলো মোৰ ওপৰত এৰি দিয়া নহ'বা মই মৰি যাম তেতিয়া গ'ম পাবা কি হয় ।  শেষত শ্যামলীৰ কথাত ভয় পায় অৰ্পূব তাইৰ কথাত মান্তি হয় ।  এইদৰে শ্যামলী আৰু অৰ্পূবৰ প্ৰেম কাহিনী বহুদূৰ আগবাঢ়ি গ'ল ,অৰ্পূবৰ লগৰীয়া বোৰে শ্যামলীক এৰি দিবলৈ বহুত ক'লে আন নালাগি শ্যামলীকো অৰ্পূবৰ ঘৰুৱা অৱস্থাৰ কথা কয় বাধা দিলে নাই সিহঁত দুইজনে কাৰোকথা নুশুনিলে ।                                                                                      
      শেষত সিহঁতৰ প্ৰেম ইমান গভীৰ হৈ পৰিল যে এটা সময়ৰ বাবে ইজনে সিজনক নেদেখিলে থাকিব নোৱাৰা হ'ল ,ৰাতি বাৰটা বজালৈকে ফোনত মেচেছত কথা পতা হ'ল ; আন নালাগি কলেজ ছুটিৰ সময়ত শ্যামলী অৰ্পূবই তাৰ চাইকেলেৰে ঘৰত থৈ গ'লে অহা হ'ল ।  এইদৰে চাইকেলত উঠি অৰ্পূবৰ লগত হাঁহি ফূৰ্তিত শ্যামলী ঘূৰি ফুৰা কথা এদিন ওচৰ-চুবুৰীয়া মুখৰে চৌধুৰীৰ পৰিয়ালৰ কাণ পালেগৈ । শ্যামলীক ঘৰৰ সকলোৱে সুধা মেলা কৰিলে কিন্তু শ্যামলীয়ে চুবুৰীয়াই তাইৰ বদনাম ওলাবলৈ মিছা কথা লগাইছে বুলি কান্দি কাটি বৰদেউতাক-বাপেক হতঁৰ আগত মিছা মাতিলে । সকলোৱে মৰমৰ জীয়েক শ্যামলীৰ কথাকে মানি ল'লে ।                                                                                              

: বেবী তুমি মিছা কথা কৈছা ন ডেডী হঁতক , মই জানো ;                                                                                                                

: মম তুমি কেনেকৈ জানিলা ?                                               

: নাজানিম নে মোৰ ছোৱালীয়ে কাৰ প্ৰেমত পৰিছে ,এদিন ফোনটো বিচনাত থৈ বাহিৰলৈ যাওঁতে ফোন কৰিছিল তেতিয়াই গ'ম পালোঁ ; কিন্ত বেবী তুমি তাক এৰি দিয়া নহ'বা বেচেৰাটোৰ জীৱন ধবংস হ'ব ।                                                                 
    কিন্তু শ্যামলীয়ে মাক- বৰমাক, খুৰীয়েক কাৰোৰে কথা নুশুনিলে , তাইৰ একমত ভালপাইছো যেতিয়া চিৰদিনলৈ পায় যাম লাগিলে মৰি যাম ।  শ্যামলীৰ মৰি যাম কথাটোৱে লাগি গ'ল ।দুয়োটাৰ প্ৰেমত প্ৰাচীৰ হৈ থিয় হ'ল বাপেক ককায়েকহঁত । সিহঁত দুয়োটাৰ জীৱনলৈ অমানিশা নামি আহিল ।এদিন অৰ্পূবৰ লগত শ্যামলীক কলেজ ছুটিৰ সময়ত টাওনত ঘূৰি ফুৰা দেখি বাপেক খংত জ্বলি উঠিল আৰু সেইদিনাৰ পৰা শ্যামলীৰ কলেজ যোৱা বন্ধ কৰি দিলে আৰু অৰ্পূবকো ঘৰত গৈ মাক-দেউতাকৰ আগতে মাৰধৰ কৰি আহিল চৌধুৰীৰ ভতিজাক কেইটাই । শ্যামলীৰ পৰা কাঢ়ি ল'লে মোবাইল ফোনটো , ঘৰৰ দুৱাৰ বাহিৰ হ'লে তাইৰ পিছে যাব দিয়া হ'ল ঘৰৰ কামকৰা ছোৱালীজনীক ; ক'বলৈ গ'লে কাঢ়া নজৰ জেলত অপৰাধীক ৰখাৰ দৰে । কিন্তু এদিন মাকৰ ফোনটোৰে অৰ্পূবক মাতি আনি দুয়োটাই বাপেকক হঁতে অফিচত থকাৰ আৰু মাকহঁতে ঘৰৰ কামত ব্যস্ত থকাৰ সুযোগ লৈ দুয়োটাই পলাই গ'ল । পিছ মুহূৰ্ততে গুৱাহাটীলৈ যোৱা ট্ৰেইনৰ বাবে ষ্টেচনত ৰৈ থাকোতেই দুয়োটাকে ধৰি নিলে খুৰাক-ককায়েকহঁতে । কাৰণ ঘৰৰ পৰা পলাই অহাৰ লগে লগে খবৰটো বাপেকহঁতৰ অফিচ পাইছিল যাৰ বাবে দুয়োটাক বিচাৰিব সহজ হ'ল ।  শ্যামলী আৰু অৰ্পূবক ঘৰলৈ লৈ আনি দুয়োটাকে সুধা হ'ল পলোৱাৰ কাৰণ সিহঁতে সাহসৰে ক'লে ভালপোৱাৰ কথা । বাপেক ককায়েকহঁতে অৰ্পূবক শ্যামলীক এৰি দিয়াৰ কথা ক'লে কিন্তু সি এৰিব নোৱাৰো বুলি কোৱাত; এটা সময়ত অৰ্পূবক চৌধুৰীৰ পৰিয়ালৰ গোটেইকেইজনে বেয়াকৈ মাৰধৰ কৰি তাক ঘৰত দুৱাৰ মুখত পেলাই থৈ আহিলে আৰু আহোঁতে মাক-দেউতাকক পুতেকক বুজাব কৈ আহিল ।  এটা মাহ পাৰহৈ গ'ল অৰ্পূবক নেদেখি তাৰ মাত নুশুনি শ্যামলী পাগলীৰ নিচিনা হৈ গ'ল আৰু সিফালে অৰ্পূবৰো একে অৱস্থা । এদিন ৰাতিপুৱা অৰ্পূব শ্যামলীৰ গেটৰ সন্মুখৰে অহা-যোৱা কৰি আছিল শ্যামলীক দেখা পাওঁ নেকি ,কিন্তু শ্যামলীক দেখা নাপালে পালে শ্যামলীৰ বাপেকক, লগে লগে লাগি গ'ল চৌধুৰী পৰিয়ালৰ ঘৰত চিঞৰ-বাখৰ সকলোৱে ধৰি ল'লে অৰ্পূবই শ্যামলীক পলাই নিব আকৌ আহিছে বুলি । সেয়ে শ্যামলীৰ বাপেকে একো নাই দেখি ঘৰৰ পৰা লোহাৰৰ ৰড এডাল লৈ অৰ্পূবৰ মূৰত প্ৰহাৰ কৰিলে , সেই সময়তে মূৰৰ আঘাতত অৰ্পূবৰ মৃত্যু হয় ।                                                                      
         অৰ্পূবৰ মৃত্যুৰ কথা শুনি শ্যামলীয়ে দুখতে কি কৰিম কি নকৰিম ভাবি ৰুমৰ ভিতৰতে উচুপি উচুপি নিজৰ ওপৰতে ধিক্কাৰ জনায় সোমাই থাকিল । ইফালে দুদিন ধৰি জীয়েকক বাহিৰলৈ ওলায় অহা নেদেখি সাৰ-সুৰ একো নুশুনি যেতিয়া চৌধুৰীয়ে জীয়েকৰৰ ৰুমৰ দুৱাৰ ভাঙি ভিতৰলৈ সোমাই যায় , তেতিয়াই দেখা পায় চিলিং ফেনত চিপ লগাই ওলমি থকা শ্যামলীৰ নিথৰ দেহ । আজি শ্যামলীৰ মাকে কন্দা নাই মাথো গালি পাৰিছে চৌধুৰী পৰিয়ালক ।                                         

: তহঁতে আজি সুখী , মোৰ ছোৱালীজনীক মোৰ পৰা আতঁৰাই , তহঁত পাপী , তহঁত কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰ , তহঁতৰ অহংকাৰী ভাৱৰ বাবে আজি মই ছোৱালীজনীক হেৰুৱালো , তহঁতক ভগৱানে কেতিয়াও ক্ষমা নকৰে , এই অহংকাৰে এদিন তহঁতৰ বিপদ মাতি আনিব ।  চৌধুৰী পৰিয়ালৰ অহংকাৰী কেইজনৰ চকুত আজি চকুপানী , সিহঁতে শ্যামলী মাকৰ কথাত একো বাধা দিয়া নাই , গালি পাৰিবই দিছে , পাৰক কিমান পাৰে গালি ।   ঠিক সেই সময়তেই গালি পাৰি থাকোতে শ্যামলীৰ মাক মজিয়াত কেতিয়া ঢলি পৰিল কোনেও ধৰিবই নোৱাৰিলে । যেতিয়া ডাক্তৰক মাতি আনি পৰীক্ষা কৰে তেতিয়ালৈ শ্যামলী মাকৰ প্ৰাণ বায়ু ওলাই গৈছে । চৌধুৰীৰ পৰিয়ালৰ আজিকালি প্ৰায়ে নিৰ্জনতাই বিৰাজ কৰি থাকে ।                                                                                                                    

 ✍️ৰিংকী মণি নাথ 
বঙাইগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)