কথাবোৰ বিষ হয়
আপোন হয় পৰ
জীৱন মায়া বিষাদস্নাত মৰিশালিত
উৰুলি বজায় ।
বাঁহীৰ ছেৱে ছেৱে নাচিবি তই
ওঁঠত সুৰ তুলিবি
মোৰ অনুৰাগৰ স্বৰলিপিত । তই ৰাধা হ'বি
মই কানাই
বৃন্দাবন মুখৰিত কৰি গোপিনীৰ চিত্ত চুৰাই
মোৰ বুকুত মুখ গুঁজিবি ।
স্বপ্নৰ অগোচৰ
আকাশৰ দৰেই সলালি মন-
কোন নাৰীয়ে
(সকলো নাৰী তোৰ দৰে নহয় কিজানি)
কাৰ বুকু ভাঙি কাৰ কলিজা জুৰায়
কোনে জানে .....
ঠিক চৰাইৰ দৰেই
যি গছৰে ঠানি পায় তাৰেই ছাঁত জিৰায় ।
প্ৰতিশ্ৰুতিবোৰ ফাঁচীকাঠত ওলোমাই দি
জঁকাৰ সৈতে প্ৰণয় পাশত
বুকু উজাৰি সুখী হয় প্ৰৱঞ্চনা ।
কথা আছিল
সেউজীয়া কৰাৰ, মোৰে বুকুৰ পথাৰ
কাতিয়া বানেওজে ধুই নিয়ে
মোৰ পথাৰ ।
এতিয়া উইঁচিৰিঙাৰ কুৰুলিত মেটেকাৰ ফুল
কলিজাত মাথো আক্ষেপ
জন্ম দিয়া পৰিস্থিতিৰ
মই দাসত্ব কৰিছো ।
✍ এন হক ( জান)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ