জীৱন আৰু আত্মহত্যা~অনুভৱ-বিজয় লক্ষ্মী বৰা

©Admin
0
জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন নে আত্মহত্যা কৰিবলৈ, মই নাজানো!কিন্তু দুয়োটাই সহজ নহয়! এজন মানুহৰ জীৱন কালত কেইবাবাৰো মৃত্যু হয়, কেতিয়াবা মানসিক ভাৱে, কেতিয়াবা নৈতিকভাৱে আৰু শেষত কায়িক বা শাৰীৰিকভাৱে! আত্মহত্যা নিন্দনীয় কাৰ্য, আমি সকলোৱে আত্মহত্যা কৰাজনক নিন্দা কৰো।কাপুৰুষ, ভীৰু ইত্যাদি নামেৰে নামাকৰণ কৰো, কিন্তু আত্মহত্যা কৰা বা কৰিবলৈ ওলোৱা মানুহজনৰ মানসিক অৱস্থা বা তেওঁৰ সমস্যাৰাজিৰ বিষয়ে আমি তেওঁৰ মৃত্যুৰ পাচতহে গম পাওঁ বা কেতিয়াবা গম নোপোৱাকৈয়ে ৰহস্য হৈ থাকি যায়! মনোবিজ্ঞানে আত্মহত্যাক এক প্ৰকাৰ মানসিক ৰোগ বুলি কয়, যিটো ৰোগৰ চিকিৎসা বৰ কঠিন, ৰোগীয়ে নিজেই আগবাঢ়ি নাহিলে সুস্থ হৈ উঠাৰ সম্ভাৱনা বহুত কমি যায়, আত্মহত্যা কৰা মানুহ এজন মৃত্যুৰ আগৰ সময়খিনিত জ্ঞানশূন্য হৈ পৰে, তেওঁ সেই কাম কৰাৰ পাছত কোনে কি ভাবিব, কোনে কি ক'ব এইবোৰ কথাই তেওঁৰ মনগহণ স্পৰ্শ কৰিব নোৱাৰে, চিন্তা কৰা শক্তি প্ৰায় শেষ হৈ যায় আৰু মস্তিষ্কটো এটা খালী পাত্ৰ হৈ পৰে, তেওঁ মাথো এটা কথাই ভাবি পায়, এই পৃথিবীত তেওঁৰ জীয়াই থকাৰ প্ৰয়োজন নাই, মনে প্ৰাণে কেৱল মাত্ৰ মৃত্যু কামনা কৰে! 
     ব্যক্তিগত ভাৱে আমিবোৰেও তেনে চিন্তাৰ বশৱৰ্তী হওঁ আৰু বিভিন্ন প্ৰকাৰে নিজকে শেষ কৰাৰ চেষ্টাও কৰো, অন্যৰ দৃষ্টিত কাৰণবোৰ খুব সৰু হ'লেও কথাবোৰে আমাৰ মনটোক ইমান বেছি প্ৰভাৱিত কৰে যে সেই সময়ত জীয়াই থকাৰ বা জীৱনৰ প্ৰতি মোহ হেৰাই যায়, সকলোতে কেৱল ব্যৰ্থতা আৰু শূণ্যতা দেখা যায়, মানুহৰ পৰা, সমাজৰ পৰা ক্ৰমান্বয়ে নিজকে আঁতৰাই আনি আত্মসৃষ্ট এখন পৃথিৱীত বিচৰণ কৰিবলৈ মন যায়, মানুহবোৰলৈ চালেই এনে লাগে যেন সকলোৱে মোক তাচ্ছিল্য কৰিবলৈকে ৰৈ আছে, কোনেও যেন মোক নুবুজে! আচলতে এইবোৰ ডিপ্ৰেচনৰ কুপ্ৰভাৱ, যাৰ বলি প্ৰায়ভাগ মানুহেই হয়, মনত অহৰহ নেতিবাচক কথাবোৰে ক্ৰিয়া কৰি থকা, নিজকে অপ্রয়োজনীয়, অকৰ্মণ্য, অপদাৰ্থ যেন অনুভৱ হোৱা, নিজকে ৰুগীয়া, দুৰ্বল যেন লগা, খোৱা-শোৱা একোতে মন নবহা, আদি এশ এবুৰি এই ডিপ্ৰেচনৰ লক্ষণ, আমাৰ সন্মুখতেই এনে মানসিক ৰোগীসকল ঘূৰি ফুৰে! আমাৰ জীৱন যাত্ৰা অনুসৰি ডিপ্ৰেচনৰ কাৰণ ভিন্ন হ'ব পাৰে কিন্তু ইয়াৰ শেষ পৰিণতি প্ৰায়েই মৃত্যুয়েই হোৱা দেখা যায়! চেলিব্ৰেটি সকলৰ ক্ষেত্ৰত ডিপ্ৰেচনৰ প্ৰভাৱ নিশ্চিতভাৱে বেছি হয়, অভিনয় কৰি থাকোঁতে তেওঁলোকে নিজকে বেলেগ এজন ব্যক্তি বুলি ধৰি লৈ হঁহা, কন্দা কৰি থাকে, কিন্তু সেই অভিনয়ৰ জীৱনটোৱেই তেওঁলোকৰ জীৱন বা নাটকৰ সংলাপবোৰেই তেওঁলোকৰ মনৰ ভাৱ নহয়, চেলিব্ৰেটি হ'লেও তেওঁলোকৰ এটা মন থাকে কিন্তু তেওঁলোকে সাধাৰণ জীৱন যাপন কৰিব নোৱাৰে, অহৰহ নিজৰ ইমেজ, গ্লেমাৰ আদিক লৈ সচেতন হৈ থাকিব লাগে, এশ এবুৰি বাধ্য-বাধকতা মানি চলিব লাগে, নিজৰ বাবে ব্যক্তিগত সময়ৰ প্ৰায়েই নাটনি হয়, সেয়ে নিজৰ মনত বা দেহত কি চলি আছে সেয়া আনে জনাৰ সুযোগ নাপায়! 
        বিগত সময়চোৱাত অভিনয় জগতৰ বহু সুদক্ষ অভিনেতাক আমি হেৰুৱাইছো,বহুতেই শেষ আশ্ৰয় হিচাপে আত্মহত্যাক গ্ৰহণ কৰিছে, বহুতেই কয়, তেওঁলোকে অভিনয়ৰ যোগেদি আত্মহত্যা যে জীৱনৰ সমস্যাবোৰৰ শেষ সমাধান নহয় সেয়া দৰ্শকক অনুভৱ কৰোৱাৰ পাছতো কিন্তু ব্যক্তিগতভাৱে সেই নীতি-আদৰ্শ মানি চলিব নোৱাৰিলে বা জীয়াই থকাৰ সাহসখিনি হেৰুৱাই পেলালে কিয়!হয়তো ডিপ্ৰেচন ইয়াৰ এটা কাৰণ, আমি কাকো অন্ধভাৱে অনুসৰণ কৰিব নালাগে বা ওপৰতে পৰি কিছুমান কথা ক'ব নালাগে কাৰণ কাৰ জীৱনত কি ধুমুহা চলি আছে, আভ্যন্তৰীণভাৱে কোন কিমান বিধ্বস্ত হৈ আছে, তাৰ উমান আমি বহু সময়ত নাপাওঁ! বহু ক্ষেত্ৰত আমাৰ এনেকুৱাও হয় যে আমাৰ আপোন কোনোবাই নিজৰ ডিপ্ৰেচনৰ কথা ক'ব বিচাৰিলে আমি শুনিবলৈ আগ্ৰহী নহওঁ বা ঠাট্টা-মস্কৰা কৰি উৰাই দিওঁ, ফলত তেওঁলোকে নিজকে অধিক অকলশৰীয়া বুলি ভাবি হীনমান্যতাত ভোগে, আৰু শেষ পৰিণতি হিচাপে আত্মহত্যাক বাচি লয়! 
     এই মানসিক চাপবোৰৰ পৰা বাচি থাকিবলৈ আমি কিছুমান উপায় অৱলম্বন কৰিব লাগিব, যেনে- সময়মতে খোৱা-শোৱাৰ অভ্যাস কৰা, ৰাগিয়াল দ্ৰব্যৰ পৰা আঁতৰি থকা, অসৎ সংগৰ পৰা আঁতৰি থকা, ঘৰৰ মানুহৰ লগত নিজৰ সমস্যা বা মনৰ কথাবোৰ আলোচনা তথা ভাগ বতৰা কৰা, গঠনমূলক কামত মনোনিৱেশ কৰা, কিতাপ পঢ়া, গান শুনা, শাৰীৰিক পৰিশ্ৰম কৰা, কম সংখ্যক কিন্তু সঠিক বন্ধু বাচনি কৰা, ভাল লগা মানুহৰ কাষলৈ, বা ভাল লগা ঠাইলৈ ফুৰিবলৈ যোৱা, প্ৰতিটো কথাকেই গঠনমূলকভাৱে লোৱা, ইত্যাদি, ইয়াকে নকৰিলে আমাৰ জীৱনটোও হয়তো এদিন চিলিং ফেনত ওলমি ৰ'ব! 

    শেষত এটা কথাই কওঁ, মানুহৰ জীৱনটো এবাৰেই পাব আৰু নিৰ্ধাৰিত সময়ত মৃত্যু আহিবই, সেয়ে আত্মহত্যাৰ চেষ্টা কৰাতকৈ জীয়াই থকা দিনকেইটা কেনেকৈ ভালদৰে পাৰ কৰি আন দহজনৰ বাবেও আদৰ্শ আৰু অনুপ্ৰেৰণা সৃষ্টি কৰিব পাৰি, তাৰ চিন্তা কৰিব লাগে, জন্মিলে মৃত্যু আহিবই, আয়ুস শেষ হ'লে প্ৰাণ বায়ুৱে লগ এৰিবই, সকলো জীয়াই থাকক, কুশলে থাকক!

✍️বিজয় লক্ষ্মী বৰা 
দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)