অসহায়~অনুভৱ- উৎপল দাস

©Admin
0
 জীৱনত প্ৰতিযোগিতামূলক পৰিক্ষাত হাৰ মানি বহু কষ্ট কৰি নিজকে সমাজৰ চকুত নিজৰ সৱল স্থিতি স্থাপন কৰোঁতেই জীৱন যুঁজত হাৰি যায়। কাৰণ মাথোঁ শিক্ষাৰে জীৱন নহ'ব, বহুত শিক্ষিত হ'ব লাগিব নহ'লে বহুত বুদ্ধিয়ক অভিজ্ঞ হব লাগিব ।দুইটাৰে কম কম হ'লে নহ'ব, এটা বেছি হ'ব লাগিব । দেখিছো বেছি শিক্ষিত হৈ কম অভিজ্ঞ হোৱাৰ কৰণে সৎ উপায়েৰে কাম কৰি যোৱাত অভাৱ দূৰ কৰিব নোৱাৰে । নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা শক্তিকণো নাইকিয়া হয়, অসহায় অৱস্থাৰ কথা ক'বলৈ যোৱাটো লাজৰ কথা । সমাজৰ মনুহবোৰে তেওঁলোকক অসফল ব্যক্তি হিচাপে ধৰি লয় । কোনো ধৰণৰ অনুষ্ঠানৰ প্ৰিয়পাত্ৰ নহয় কাৰণ তেওঁ শিক্ষিত হ'লেও চৰকাৰী চাকৰিয়াল নহয় আৰু অভিজ্ঞ ধনী নহয়। কোম্পানিত কাম কৰিলেও তেওঁ কোনো ধৰনে সন্মান নাপায় ।গোলামৰ দৰে ব্যৱহাৰ কৰে, বহুত খাটিব লাগে, কম মজুৰিত । খেতি কৰিবলেও ভাল সম্বল নথকাৰ কাৰণে সাহস নকৰে । এলাগি হৈ থকা কাৰণে ৪০ বছৰৰ পিছত নিজকে সমাজৰ পৰা আঁতৰত থাকিব লগা হয়, সাধাৰণ কৰ্ম কৰি জীৱনটো মানৱ যন্ত্ৰ হৈ পৰে । পিছলে ভাগ্যক ধিয়াই মনৰ মাজত অবুজ বেদনা লৈ অসহায় হৈ পৰে । সকলোৱে শিশুসকলৰ মাজত কৰ্ম সংস্কৃতি গুৰুত্ব দিয়াত সহায় কৰিব লাগে ।

✍️উৎপল দাস
কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)