অংক জংক পংক খণ্ড - ০২~ শিশু প্ৰেৰণামূলক কাহিনী - দুলাল ৰবিদাস

©Admin
0
পংকজ ঘৰলৈ গৈ মনে মনে নিজৰ কোঠাত সোমাই বহি কথাবোৰ ভাবি আছে এনেতে বাপেকে তাৰ কোঠাত সোমাই আহিল তাৰ মূৰত হাত ফুৰাই 
বাপেকঃ কি হ’ল পংকজ স্কুলৰ পৰা আহি ইউনিফৰ্ম খোলাই নাই যে যোৱা যোৱা কাপোৰ সলাই হাত মুখ ধুই ভাত খাই লোৱা তিনি আলি যাবলৈ আছে ৷
পংকজঃ ( দীঘলীয়া উশাহ টানি শ্বাস এৰি ) পাপা মোৰ ভোক লগা নাই তিনি আলিৰ পৰা কি আনিবলগীয়া আছে কোৱা মই গৈ লৈ আহোঁ 
বাপেকঃ ( পকেটৰ পৰা পাঁচশ টকীয়া নোট এখন পংকজৰ হাতত দি ) এইয়া লোৱা হামিদ লিপিৰ পৰা স্টাম্প বনাবলৈ দিয়া হৈছিল হৈ গ’ল চাগে তিনিশ টকা দি লৈ আনিবা ৷
পংকজঃ ( বহাৰ পৰা উঠি ) ঠিক আছে পাপা ৷ এই বুলি কৈ চাইকে’ল খন লৈ তীব্ৰ বেগেৰে গৈ হামিদৰ লিপিৰ সন্মুখত চাইকে’লখন ৰাখি ভিতৰত সোমাই 
পংকজঃ আংকল মোৰ পাপাই স্টাম্প বনাবলৈ দিছিল যে বনোৱা হ’ল নেকি ?
হামিদঃ হয় হয় যোৱাকালিয়েই হৈ গ’ল ৰবা মই উলিয়াই দিছোঁ ইয়াত বহাচোন ৷ হামিদে পংকজলৈ চকীখন আগবঢ়াই দি আলমাৰীৰ দৰ্জাখন খুলি স্টাম্প দুটা উলিয়াই আনি পংকজৰ হাতত দিলে ৷ পংকজে পাঁচশ টকীয়া নোটখন হামিদৰ হাতত দিলে ৷ হামিদে দুশ টকা পংকজক উভতাই দিলে ৷ পংকজ চাইকে’লট উঠি ঘৰলৈ উভতিল ৷ ঘৰত সোমাই বাপেকৰ হাতত স্টাম্প আৰু দুশটকা দিলে ৷ 
বাপেকেঃ ( স্টাম্প আৰু টকা লৈ ) অ তিনি আলিত একো নাখালা কিয় ?
পংকজঃ নাই খাবলৈ মন নগ’ল ৷
বাপেকঃ বাৰু হব টেবুলত ভাত বাঢ়ি থোৱা আছে ভোক লাগিলে খাই লবা মই মিটিঙলৈ যাওঁ ৷ বাপেকৰ যোৱাৰ পাছত পংকজ গভীৰ চিন্তাত মগ্ন হ’ল কিবা এটা বিচাৰি পোৱাৰ দৰেই আনন্দত জঁপিয়াই উঠিল নিজকে কবলৈ ধৰিলে মই যদি পৰীক্ষাত এই পদ্ধতি ব্যৱহাৰ কৰোঁ তেন্তে মই দেখােন সহজে অংকত পাছ হৈ যাম ৷ এইবুলি কৈ অলপো পলম নকৰি চাইকে’ল লৈ আকৌ হামিদৰ লিপি পালেগৈ ৷

আগলৈ

✍️দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)