সজাগ হোৱা জনতা
কৰিছে আহ্বান দেশ-প্ৰশাসন ।
বাৰে-প্ৰতি কিয় তুমি
কৰিছা আওকান ?
নিতৌ ন-অজুহাত লৈ
ওলাই কিয় যোৱা ?
শংকাত ভুগিছে দেশ ,
বিশ্বব্যাপী মেলিছে জালিকা ,
এতিয়াও সময় আছে
সজাগ হোৱা জনতা ।।
কৰিছে বিনতি, কাবৌ-কাকূতি
আমোলা মন্ত্ৰী , প্ৰশাসন ।
তথাপিও কিয় তুমি
বুজিও নুবুজা ?
কিয় নুবুজা সজাগ জনতা ...
ন মাহ যদি পাৰিছা থাকিব,
আলোকবিহীন মাতৃ গৰ্ভত ।
কিয় নোৱাৰা সামান্য কেইটা দিন ।
সজাগ হোৱা জনতা
কৰযোৰে কৰিছোঁ আহ্বান ।
নিজৰ সুৰক্ষাৰ সৈতে
আনকো বচোৱা
নিজৰ স্বাৰ্থত........
জনতাৰ স্বাৰ্থত .....
দেশৰ স্বাৰ্থত .......।।
✍️ ছৈদুল কুৰেছী
ঢেকিয়াজুলি, শোণিতপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ