ধর্ষণ-ৰাজু দাস

সেইদিনা সন্ধিয়া ৯:৩০ বাজিল,
মই কাম এৰি ঘৰলৈ উভতি গৈছিলোঁ।
ভৰিত ৰছীৰে বন্ধা চিগা চেণ্ডেল,
যেন ভিখহুৰ শ্ৰেষ্ঠ ম'ডেল ৷
কান্ধতে জুলুঙাটি আঁৰি লৈছিলোঁ,
নিজান বাটেৰে খোজ দি গৈ আছিলোঁ।
নিজ ঘৰলৈ বুলি বাট চিনি ,
তাতে আকৌ কুকুৰৰ ভুক-ভুকনি ৷
বন্ধ হ'ল ৰাস্তাৰ কাষৰ পাণ দোকান ,
আৰু বন্ধ হল গাড়ীৰ গেৰেজখন ৷
জ্বলা নাই ৰাস্তা কাষৰ লাইট,
আন্ধাৰে ঘেৰিছে নিজান বাট ৷
পিছে! ৰাস্তা কাষৰ জুপুৰিত দেখোন পোহৰ ,
স্ত্রী-পুৰুষৰ অশ্লীল চিঞৰ ৷
শুনিলো ডেকাৰ গলগলিয়া মাত,
আৰু শুনিলো দুৰ্ভগীয়া জীয়াৰীৰ মাত ৷
শুনিছো ডেকাৰ অশ্লীল শব্দ,
কাৰণ, সিহঁতে কৰিলে জীয়াৰীক জব্দ ৷
তাতে আকৌ জীয়াৰীৰ কাতৰ বিনতি,
যাব লাগে ঘৰলৈ পুনৰ উভতি ৷
এৰি দে, এৰি দে, অভদ্ৰ ডেকা,
মৰিয়াই নকৰিবি মোৰ কঁকাল বেঁকা ।
নিষ্পাপ দেহত মোৰ লগালী দাগ ,
কোনেনো ল'ব মোৰ দুখৰে ভাগ।
সমাজে হাঁহিব দাসৰ জীয়েক বুলি,
তহঁত বামুণক নকয় মূৰ তুলি ৷
চিনিব পাৰি জীয়াৰীৰ মাত,
সাহস বান্ধিলো মোৰ দেহাত ৷
হাতত মস্ত এডাল বাঁহ তুলি ললোঁ,
জুপুৰিলৈ বুলি আগবঢ়ি গলোঁ ৷
সোমাই এ জুপুৰিত আচৰিত হলোঁ,
চাৰি ডেকাক দেখি ৰাম-নাম ললোঁ ৷
দেখিয়ে জীয়াৰীক চিনিলো মই,
তাই দেখোন মোৰ বান্ধৱী হয়৷
হাতৰ বাঁহেৰে চাৰিও কে পিটিলো ,
কোবাই সিহঁতৰ কঁকাল ভাঙিলো।
এজনে ল'লে মোলৈ চোচাঁ ,
ডিঙিতে ধৰিলৈ দি দিলো ঘোঁচা ৷
বান্ধৱীৰ বাবে হ'লো মই হিৰৌ,
বামুণৰ পুতেকক কৰিলোঁ জিৰৌ।
কেনে লাগিলে মোৰ কবিতা?
বুলিব পাৰিব ইয়াক মালিতা ৷
    
✍️ৰাজু দাস ৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send