দক্ষিণ কামৰূপৰ ৰাভা সকলৰ স্ত্ৰী আচাৰ অনুষ্ঠান ০৩~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
পাঁচদিনৰ পৰা ভাগী সকলেহে শুচি হয় | বৰ্তমান সময়ত সন্তান ল'ৰা হ'লে ত্ৰিশ দিনত আৰু ছোৱালী হ'লে একত্ৰিশ দিনত অশৌচ খেদি শুচি হয় | সেইদিনা ঘৰৰ চৰু-হাড়ি ধুই , ঘৰ চেতাল মচি , কাপোৰ-কানি ধুই সোণ-ৰূপৰ পানী ছটিয়াই দিয়া হয় | শিশুটিৰ মূৰ খুৰাই চুলিখিনি আৰু এটা পইচা কেঁচা গোবৰেৰে প্ৰসুতিগৃহৰ বাহিৰৰ বেৰত লগাই ( লিপি) থোৱা হয় | সন্তানটিৰ মঙ্গল কামনাৰ্থে সেইদিনাই বুঢ়াগোহাঁই ( শিৱ) লৈ নৈবেদ্য আগবঢ়োৱা হয় আৰু সাধ্যানুসাৰে ওচৰ-চুবুৰীয়া , মিতিৰ--কুটুম্বক অভ্যৰ্থনা কৰা হয় |
ঋতু প্ৰাপ্তিৰ লগত জড়িত আচাৰ .......
ঋতুমতী হোৱাটো নাৰী জীৱনৰ এটা প্ৰাকৃতিক ঘটনা | সাধাৰণতে দহৰ পৰা বাৰ-তেৰ বছৰ বয়সৰ ভিতৰত ছোৱালী ঋতুমতী হয় | কিছুবছৰ আগলৈকে ৰাভা সমাজত ছোৱালী প্ৰথম ঋতুমতী হ'লে কোনো ধৰণৰ আচাৰ অনুষ্ঠান পালন কৰা প্ৰথা নাছিল যদিও বৰ্তমান সময়ত কিছুসংখ্যকে ছোৱালী প্ৰথম ঋতুমতী হ'লে অজনজাতীয় সকলৰ নিচিনাকৈ তোলনী বিয়া পাতিবলৈ লোৱা দেখা গৈছে | গণকৰ দ্বাৰা গণনা কৰা ,ঋতুমতী ছোৱালীজনীক চাৰিদিন গৰু , পুৰুষ আৰু চন্দ্ৰ--সূৰ্যৰ মুখ নেদেখাকৈ ৰখা , ঝাপা ( জাপা ) থোৱা , ছোৱালী ধুওৱা আদি অজনজাতীয়সকলৰ নিয়ম মতে পালন কৰা হয় | অন্য কিছুমানে তোলনী বিয়া নাপাতে কিন্তু ঋতুমতী হোৱাৰ লগে লগে হালধি আৰু মাহমথাৰে ছোৱালীজনীক নিজে গা-ধুই ল'বলৈ দিয়ে |

 আগলৈ

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)