জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটো ~ অনুভৱ- হেমেন হাজৰিকা

©Admin
0

এজন অনুসন্ধিৎসু মনৰ ব্যক্তিয়ে অহৰহ চিন্তা কৰি থাকে | মানুহৰ মগজুৱে কেতিয়াও চিন্তা নকৰাকৈ থাকিব নোৱাৰে | কিবা এটা নতুন কৰাৰ চিন্তা | বিচাৰি ফুৰে শব্দৰ অমল পৰশ | তেওঁ শব্দৰ আজন্ম প্ৰেমিক | যাক বাদ দি ক্ষন্তেকো থাকিব নোৱাৰে | চিন্তাৰ পৰিধিয়ে ঢুকি পোৱালৈ তেওঁ চিন্তা কৰি যায় অবিৰাম | তেতিয়াহে তেওঁৰ সৃষ্টিৰ হাবিয়াস পূৰণ হয় | লিখিবলৈ মন যায় | তেতিয়াই তেওঁ হাতত কলম তুলি লয় | প্ৰথিতযশা সাহিত্যিক ডঃ প্ৰফুল্ল মহন্তই কৈছিল যদি আপুনি লেখক অথবা লেখিকা কলম নেৰিব, কলমে আপোনালোকক বুঢ়া হ'বলৈ নিদিব , সদাই ডেকা অথবা গাভৰু কৰি ৰাখিব | লেখক গৰাকীয়ে লিখাৰ পাছত সেইটো ছপা আকাৰত দেখিবলৈ মন যায় | নিজৰ নামটো লেখাটোৰ সৈত্যে ছপা আকাৰত দেখিবলৈ পালে কেনে ভাৱ হয় সেইটো কৈ প্ৰকাশ কৰিব নোৱাৰি | কিমান আনন্দ লাগে | মোৰো তেনে এক ভাবে দেখা দিছিল বহুদিন আগতেই | সেয়া ছাত্ৰাৱস্থাৰ কথা | আনৰ লেখা সমূহ পঢ়ি থাকোতে মোৰো লিখিবলৈ মন গৈছিল | কিন্তু কেনেকৈ লিখিম, কি লিখিম ? সেই সমূহ কিবা হ'ব জানো ? তাৰ পিছত কিমান কি কৰিলো মনত নাই | ১৯৮৭ চন আমি উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ | প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ পৰা কিৰণ নামেৰে এখন বাৰ্ষিক আলোচনী প্ৰকাশ পায় | আলোচনীৰ সম্পাদকে ক'লে হোমেন , আলোচনীলৈ কিবা এটা লিখিবা | হে ৰাম , কি লিখিম ? পাৰিম জানো লিখিব ? লিখিলে কিবা হ'বনে ভাল হ'ব জানো ? এনেদৰে চিন্তা কৰি থাকোতেই কিছুদিন গ'ল | তাৰ পিছত যি হয় হ'ব বুলি ভাবি এটা কবিতাকে লিখিলো দুৰ্ভগীয়া নাম দি | কবিতাটো লিখি উঠি প্ৰথমে আলোচনী তত্বাবদ্ধায়কদ্বয় মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু হৰিদেৱ মহন্ত আৰু নেত্ৰহাস গোস্বামী চাৰক দেখুৱালো | চাৰ দুয়োজনে পৃথকে পৃথকে অলপ সাধাৰণভাৱে হাত ফুৰাই ভাল হোৱা বুলি কোৱাত মোৰ মনত আনন্দ লাগিল | তাৰ পিছত copy এটা কৰি মোৰ লগত ৰাখি পিছদিনা আলোচনী সম্পাদকৰ হাতত দি দিলো | তাৰ পিছত অধিৰ আগ্ৰহেৰে সেইদিনটোলৈ বাট চাই ৰ'লো | অৱশেষত মনৰ উৎকণ্ঠাৰ ওৰ পেলাব আমাৰ আলোচনী সেইবৰ্ষৰ সংখ্যাটো প্ৰকাশ হৈ ওলাল | পাত লুটিয়াই চাই দেখিলো তাত মোৰ কবিতাটোও প্ৰকাশ হৈ ওলাইছে | শিৰোোনামটোৰ লগতে মোৰ নামটো দেখা পাই সেই মুহুৰ্তত কেনে লাগিছিল সেয়া আজি মই প্ৰকাশ কৰিব নোৱাৰিম | লগে লগে আলোচনীখন নি বৰ্তমান স্বৰ্গগত হোৱা মা-দেউতাক দেখুৱালো | তেওঁলোকৰ সীমিত জ্ঞানেৰে ভাল হোৱা বুলি কৈছিল | তাৰ বহু দিনলৈ আমাৰ ঘৰলৈ যিয়েই আহিছিল সকলোকে কবিতাটো দেখুৱাইছিলো | সংৰক্ষণৰ অভাৱত সেই আলোচনীখন এতিয়া মোৰ হাতত নাই | কবিতাটোও মুখস্থ নাই | তাৰবাবে মনত পৰিলে এতিয়া দুখ লাগে | জীৱনৰ প্ৰথম কবিতা দুৰ্ভগীয়া নামেৰে লিখি সচাঁকৈয়ে এতিয়া দুৰ্ভগীয়া হৈ পৰিলো | কি বা লিখিছিলো তেতিয়া ? ছাত্ৰাৱস্থাৰ কুমলীয়া হাতৰ কলমেৰে নিগৰা শব্দৰ সমষ্টি কেনেকুৱা আছিল ? সেয়া যিয়েই নহওক মুঠতে নিজৰ নামটো এখন আলোচনীত ছপা আকাৰত দেখা পোৱাৰ আনন্দই আজিও অন্তৰত পুলক জগায় | কিমান যে আনন্দ তাক ক'ব নোৱাৰি অনুভৱহে কৰিব পাৰি | আনন্দবোৰ ভগাই ল'বলৈ কবিতাটো ইয়াত দিব নোৱাৰি দুখ লাগিছে | তাৰবাবে অসমীয়া সাহিত্যৰ চানেকিৰ কৰ্মকৰ্তা, পাঠক/পাঠিকাৰ ওচৰত ক্ষমা বিছাৰিছোঁ |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)