সৌৱা যায় চোৱা এগৰাকী বিষয়ববীয়া
কীৰ্তিৰ অতূল্য চানেকি থাপি
গৌৰৱেৰে শিৰক সমুচ্চ ৰাখি
কৰ্মজীৱনৰ পৰা অৱসৰ লৈ পাবলগীয়া
সৌৱা যায় চোৱা এগৰাকী অৱসৰীয়া
সেৱা জীৱনত নিজকে উজাৰি বিলোৱা
চকুত সপোন সানি প্ৰথম দিনত
অহোপুৰুষাৰ্থ কৰি কৰ্মজীৱনত
দায়িত্ব পালি কৰ্মৰ দৌৰত আগৰণুৱা
সৌৱা যায় চোৱা এগৰাকী অৱসৰীয়া
যাত্ৰাপথত মৰম চেনেহ আৰ্জি লোৱা
সাৰুৱা সমল তোমাৰ জানি থোৱা
অনাগত দিনক কৰিব সোণসেৰীয়া
প্ৰীতিৰ গোলাপ থবা সাঁচি চিৰ যুগমীয়া
সৌৱা যায় চোৱা এগৰাকী অৱসৰীয়া
কৰ্মপথাৰত আঁকি অমৃত চাব বিনন্দীয়া
এয়া দ্বিতীয় পৰ্যায়ৰ দুৱাৰদলিত
বিচাৰিছা লবলৈ নতুনকৈ থানবিত
মনে বিচৰা স্বাধীনতাৰ সোৱাদ যেন পোৱা
সৌৱা যায় চোৱা এগৰাকী অৱসৰীয়া।
✍️ ডঃ জ্যোতিষ কুমাৰ দেৱ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ