মনালিছা-ব্ৰহ্মদেৱ গোস্বামী

©Admin
0
মনালিছা, সৌ সিদিনালৈকে তোমাৰ হাঁহিত
বিচাৰি পাইছিলোঁ জীৱনৰ মাদকতা
য'ত দেখা পোৱা নাছিলোঁ কোনো কৃত্ৰিমতা, 
মন ফাগুণৰ হেঙুলী ৰহণ পৰি
তিৰবিৰাই উঠিছিল যেতিয়া তোমাৰ মনাকাশ
উৎফুল্লিত হৈ পৰিছিলোঁ
ঢৌ খেলিছিল মোৰ অন্তৰত এটি মিঠা অনুভৱে
আলোড়িত কৰি তুলিছিল মোৰ
সুপ্ত হৃদয়ৰ অতৃপ্ত বাসনা
যাক মই এতিয়াও উপলব্ধি কৰোঁ সংগোপনে।

ৰুঢ় বাস্তৱৰ বেস্তনী ভেদি
নোৱাৰিলোঁ বগাব চূড়া পৰ্বতৰ
ৰৈ গ'লো আধা বাটতেই
যদিও তুমি মোক মাতিছিলা হাতবাউলি----, 
খং, অভিমানত জৰ্জৰিত হৈ গ'লা আঁতৰি
পিছলৈ নাচালা এবাৰো ঘূৰি
আৰু মই তধা লাগি চাই ৰ'লোঁ তোমাৰ গতি
বাধা দি ৰখাৰ চেষ্টা নকৰি সমূলি।

বাধা দি ৰাখিব পাৰিলোঁহেঁতেন
কিন্তু মনে দেখোন নক'লে 
বগাবও পাৰিলোঁহেঁতেন পৰ্বতৰ ওখ টিং
তোমাৰ হাতে হাত ধৰি
কিন্তু খহি পৰাৰ আশংকাত নগ'লো আগুৱাই
আহিলোঁ পিছ হুহকি
ভাবিলোঁ আগ পিছ নুগুণি বগালে পৰ্বত 
মৰিব লাগিব অক্সিজেনৰ অভাৱত।

✍️ব্ৰহ্মদেৱ গোস্বামী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)