আইতাৰ মৰম~অণুগল্প-হিৰণ্য চেতিয়া গগৈ

©Admin
0
আজি কেইদিনমানৰ পৰা ৰুপুৰ মনটো অস্থিৰ হৈ আছে। বহুত দিন হ'ল তাৰ আইতা ঘৰলৈ অহা নাই ।ৰুপু ষষ্ঠ শ্ৰেণীত ছাত্ৰ। আজি দেওবাৰ,মাকে কৈছে "আইতাই ফোন কৰি কৈছে দেওবাৰে আহিব"।আইতা আহিব বুলিয়েই ওগুল থুগুল মন ।ৰুপুৰ আইতাক শিক্ষয়িত্ৰী ,কৰ্মসূত্ৰে চহৰত থাকে ।ৰুপু ক পঢ়া শুনা কথাবোৰ বৰকৈ বুজাই থাকে।সদায় কয় "শিক্ষিত হ'ব লাগিব লগতে ভাল মানুহ হ'ব লাগিব ।প্ৰকৃত মানুহ হ'বলৈ হ'লে উচ্চ শিক্ষাত কৈ নীতি শিক্ষা বেছি প্ৰয়োজন। আৰু ক'ব এইটো নকৰিবা,সেইটো নকৰিবা,এনেকৈ কৰা ,কিমান যে কথা। আইতাই মৰম কৰেনে বক্তৃতা দিয়ে ধৰিব নোৱাৰি।" আইতাৰ কথা ভাবি থাকোতেই আইতা আহি ৰুপুৰ ওচৰত আহি থিয় হ'ল।
ৰুপুলৈ চাই ক'লে "সোণ কি কৰিছা"।
ৰুপু য়ে আইতা বুলি চিঞৰি উঠিল। ৰুপুয়ে ক'লে আইতা তুমি পালেহি। এই বুলি কৈ ভৰি চুই সেৱা কৰিলে ।আইতা ও মূৰ মোহাৰি মৰম কৰি সাৱটি ধৰিলে ।
ৰুপুয়ে জানে আইতাই অহা লগে লগে তাক সাৱটি ধৰে ।কিন্তু সি আইতা ভৰি চুই সেৱা কৰিলে বৰ ভাল পায়। সেই কাৰণে আইতাই ভালপোৱা কাম কৰিবলৈ সি সদায় চেষ্টা কৰে ।"আইতা ভিতৰলৈ আহা বুলি ৰুপুৱে আইতাৰ হাতত ধৰিলে ।আইতাকে ক'লে "ৰ'বা আগতে তোমালৈ উপহাৰ আনিছো এইয়া দুটা গছ পুলি। তুমি গছ পুলি কেইটা পানী দি ছাঁত থোৱা ।গধূলি দুয়ো ৰুম "
ৰুপুয়ে ক'লে "বাহঃ বৰ ভাল হ'ব।গছ থাকিলেহে আমি জীয়াই থাকিম"।ৰুপুৱে গছ পুলি কেইটা পাছ ফালে লৈ গ'ল। ৰুপুৰ মাকে আহি ৰুপুৰ গাত চেনিটাৰাইজ টো আনি স্পেয়াৰ কৰি দিলে ।

✍️হিৰণ্য চেতিয়া গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)