নামানে আজি তোমাৰ শূণ্যতাৰ অৱস্থিতি
এই শাৰদীয় বতৰত তোমাৰ আগমন
শৰতে মোক কিন্তু......
পুৱা সূৰ্যোদয় নোহোৱা আগতে দি যায়।
হয়তো তুমি শৰতৰ জোনাক নিশাও ভাল পোৱা ন,
মইও ভাল পাওঁ
সেই জোনাকেও তোমাৰ সম্ভাষণ জনায়
দি যায় তুমি পুৱা অহাৰ বতৰা।
জোনাকী আৰু পখিলী সখিয়ে
তোমাৰ আলফুলীয়া দুগাল বৰ কৈ চুমে ন;
দুবৰিয়ে দলিচা আৰু নিয়ৰে টোপাল
তোমালে প্ৰতিটো শৰতৰ বাবেই যেন লৈ আহে।
প্ৰতিটো শৰতৰ পুৱা তুমি নহ'লে নিয়ৰ আৰু দুবৰি
মোৰ দৰেই অকলশৰীয়া,
সেয়ে তুমি আহিবা! প্ৰকৃতিৰ এই ধুনীয়া ধৰাত
মোৰ শৰতৰ জীপাল পুৱালে মধুৰ শৰতৰ ৰহণ সানিবলে,
সুগন্ধিৰে দিনটো ৰঙীণ কৰিবলৈ
তুমিয়েইটো শেৱালি.............।।।
✍️প্ৰশান্ত প্ৰিয়ম
ঢেকীয়াজুলি, শোণিতপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ