আগলতি কলা পাত লৰে কি চৰে ০২~অনুভৱ- হেমেন হাজৰিকা

এজনী ছোৱালীয়ে মাক-দেউতাক ককায়েক ভায়েক ভনীয়েক সকলোকে চিৰদিনৰ বাবে এৰি থৈ আহে | আন এখন নতুন ঘৰক , নতুন মানুহখিনিক , সেইখন ঘৰৰ ইষ্ট কুটুম্বক আপোন কৰি ল'বলৈ চেষ্টা কৰোতে ক'ৰবাত ভুল হৈ যাব পাৰে | তাক শুধৰাই দিয়াটো সেই নতুন ঘৰখনৰ মানুহখিনিৰ নৈতিক কৰ্তব্য | কাৰণ বোৱাৰীজনীয়ে নতুনঘৰৰ নিয়ম কানুন আদব কায়দা কেনেকৈ জানিব ? কেনেদৰে চলিব কেওঁলোক , কেনে সংস্কাৰ সেইখন ঘৰৰ সেই আটাইবোৰ কথা বুজাই দিব পাৰিব লাগিব |তাকে নকৰি কি মানুহ এজনীক ঘৰখনত সমোৱালোহি , অমুক হ'ল, তমুক হ'ল ইটো নাজানে , সিটো নাজানে , কি আছিল ঘৰত আৰু বহু কিবা কিবি এই কথা কৈ থাকিলে সেই মানুহ জনীয়ে আঘাত নাপাবনে ? তেতিয়া চকুলো নুটুকিবনে বাৰু ? অন্তৰত আঘাত নাপাবনে মাকলৈ মনত নপৰিবনে তেতিয়া তাৰ পৰিত্ৰাণ বিচাৰি মুখেৰে হয়তো ওলাই আহিব 
    আগলতি কলাপাত লৰে কি চৰে
   মৰমৰ আই মোৰ তোলৈ মনতে পৰে 
ইয়াৰ ওপৰিও যাৰ লগত তেওঁ বিয়া হৈ আহিছে যাৰ ওপৰত ভৰসা কৰি , যাক বিশ্বাস কৰি , যাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ নিজৰ মৰমৰ ঘৰখন এৰি থৈ আহিছে তেওঁ যদি পত্নী গৰাকীক মৰম নকৰে , তেওঁৰ হৈ মাত নামাতে ,বৰঞ্চ ঘৰখনৰ মানুহখিনিকহে সমৰ্থন কৰে তেতিয়া বোৱাৰীজনীৰ জীৱনটো দুৰ্বিসহ হৈ পৰে | তাৰোপৰি আজিৰ তাৰিখত অতি ভয়াৱহ কথা যৌতুকৰ কথাটো আছেই | লগতে বোৱাৰীজনীৰ মাক দেউতাকে যিখিনি বস্তু ছেৱালীজনীৰ লগত দি পঠাইছে সেই বস্তু সমূহৰ অমুক বেয়া তমুক বেয়া কম দামীহে আদি নানান অজুহাত উলিয়াই কথা শুনাই থাকে ক'ৰবাত ক'ৰবাত মানুহজনীৰ এপৰত হাত তোলে নাইবা মাৰি পেলাই নিৰ্যাটন দিয়ে কেতিয়া ঘটনাই নতুন মূৰ লয় | এনেকৱা কথাও কেতিয়াবা হয় তেওঁলোক পৃথকে থাকিব লগাও হয় | এনেবোৰ মনোকষ্ট লৈ এখন ঘৰত জীৱন কটাব লগীয়া হলে কোন নাৰীয়ে মাকক মনত পেলাই নাকান্দিব | সেই মুহুৰ্তত ভাব হ'ব যেন মাক ওচৰত থাকিলে তেওঁ সকলো সমস্যাৰ ওৰ পৰিব | সেয়েহে মাকলৈ মনত পেলাই অন্তৰে কান্দিব |
   আগলতি কলাপাত লৰে কি চৰে 
মৰমৰ আই মোৰ তোলৈ মনতে পৰে 
   আমি আশা কৰিম আমাৰ মাজলৈ এনে দিন অতি সোনকালে আহক যেন কেনো নাৰীয়ে এনে সমস্যাৰ সন্মুখীন হ'ব লগীয়া নহয় | 

( সমাপ্ত)

✍️হেমেন হাজৰিকা
 মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send