ক্ষিতি আৰু গছ,,
এক জীয়াই থকাৰ প্ৰেৰণা,,
এইখনেই আমাৰ ঘৰ।।
বিৰিখে দিয়ে আমাক থকাৰ আশ্ৰয়,,
লগতে দিয়ে আমাৰ সকলো প্ৰয়োজনীয় বস্তু।।
ওখ ওখ বিৰিখত বাহ সাজে,,
বহু পক্ষীয়ে এবুকু ৰঙীন সপোন লৈ।।
লগতে বহু পশুৱে বিৰিখৰ সমতল ভূমিত,,
স্বাধীনভাৱে কৰে বসবাস।।
এই পশু-পক্ষী আৰু বিৰিখে আমাক শিকায়,,
সম্পৰ্ক বৰ্তাই ৰখাৰ অনেক প্ৰকৃত চৰিত্ৰ,,
সঁচাকৈ ধুনীয়া আমাৰ প্ৰকৃতি মা।।
সেউজ বসুন্ধৰাখন চাবলৈ বৰ সহজ।।
কিন্তু বুজি পাবলৈ বৰ কঠিন,,
নহয় জানোঁ ?
✍️সান্নিধ্য শইকীয়া।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ