দ্ৰৌপদী-হিৰণ্যময়ী বৰুৱা

মহাকাব্য মহাভাৰতৰ
নাৰী চৰিত্ৰপ্ৰাণ
দ্ৰৌপদী
তোমাৰ হৃদয়ৰ
গভীৰ অনুকম্পাৰে
সিক্ত নতুন প্ৰকাশ
তুমি এচপৰা কেঁচা সোণ
পঞ্চপাণ্ডৱৰ
চিৰন্তন মননশীল
সংবেদনশীল তুমি এক কবিতা

তুমিয়েই দ্ৰৌপদী পাঞ্চালী

তুমি অপূৰ্ণ ভাৱৰ বহিঃপ্ৰকাশ

বন ফৰিঙৰ ৰঙত
তুমি আপ্লুত হৈ
বিহ্বল শিকলিৰে
বান্ধ খাই আছিলা
তুমি মহিমামণ্ডিত
প্ৰেমিকা লগতে সৌন্দৰ্য্যময়ী
তোমাৰ বাবে কেৱল
প্ৰেমৰ শক্তিৰ মহত্ব
পাণ্ডৱৰ পত্নী তুমি
তুমিয়েই লাৱণ্যময়ী
কৌৰৱৰ বাবেও তুমি
ঈৰ্ষাৰ প্ৰতীক জানো নোহোৱা দ্ৰৌপদী--তুমি এক জ্বলন্ত অগ্নিপিণ্ড
মহাভাৰতৰ যুগৰ
তোমাৰ সহায় শ্ৰীকৃষ্ণ
শান্তসমাহিত পাণ্ডৱ নিমাতে ৰ'ল
তোমাৰ বস্ত্ৰহৰণৰ বেলিকাত
প্ৰোজ্বল ধৰ্মবীৰ যুধিষ্ঠিৰ
শালগছৰ কঠিন অৱয়বৰ
শৰীৰৰ অধিকাৰী পুৰুষ ভীম
শৌৰ্য্যবীৰ্য্য সকলো সৌন্দয্য
সুষমাৰে সমুজ্বল অৰ্জুন
সৌম্য, শান্ত,নম্ৰবীৰ নকুল সহদেৱ
তথাপিটো কিয় বাৰু ?
ৰাজদৰবাৰত তেওঁলোক 
নিমাত হৈ ৰ'ল?
কিয় কিয় কিয়???
শূণ্যতাৰ ৰিঙা ৰিঙা ভাৱৰ ঢৌৱে
আমনি কৰিছিলনে বাৰু পাঞ্চালী
প্ৰশ্ন হয়নে তোমাৰ মন গহনত
ধৰ্ম যুদ্ধৰ সহায়ক হিচাপে
আছিল কেৱল বিপদৰ দিনৰ বন্ধু শ্ৰীকৃষ্ণ।

✍️হিৰণ্যময়ী বৰুৱা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send