স্মৃতিৰ ডেউকা- ৰুমী কলিতা দত্ত

©Admin
0
তোমাৰ প্ৰেমত পৰিছিলো সৌ তাহানিতে 
বুজা নাছিলো প্ৰেম মানে কি 
মাথো মনত এটি লাজকুৰীয়া ভাব...

সময় সলনি হ'ল 
সময়ৰ তীব্ৰ গতিত তুমি সাঁচ বহুৱালা হৃদয়ত অস্তাচলৰ বেলিৰ দৰে !!
মচিব নোৱাৰি ছবিখন ...
নুবুজে কোনেও হৃদয়ৰ অবুজ যন্ত্ৰণা 
চূৰমাৰ কৰি আঁতৰি যায় 
আৱেগৰ বা-লাগি ক্ষণবোৰ থমকি ৰয় !!

অশ্ৰুকণাই দুগাল নিমজ কৰে ক্ষণে ক্ষণে 
জীৱনে প্ৰশ্ন কৰে ঘনে ঘনে ,
হাজাৰ ব্যস্ত হ'লেও ক্ষণিকৰ বাবে ভাঁহি আহে এটি শব্দ ...কলিজা !!
যি শব্দত বিচাৰি পাইছিলোঁ এধানি মৰম- ভালপোৱা !!
আজি আৰু সেই নামেৰে নামাতা 
মধুৰ আলিংগনত তুমি আপোন পাহৰা !!
মোৰ মৃত্যুৰ পাছত সমাধিত মাথো এজোপা ৰঙা গোলাপ ৰুই দিবা ,
প্ৰেম হৈ ফুলিব মোৰ সমাধিত 
সৰি ৰোৱা পাহিবোৰকে বুকুত সাৱটি লম !!
কলিজা নামেৰে আকৌ জানো মাতিবা ???

✍️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)