তোমাৰ কথা মোৰ গান-ৰাজু দাস

বহু কথা ক'লা তুমি ,
সাঁচি ৰাখিম সজতনে,
সময়ত কথাবোৰ হৈছে ৷
 গানেৰে ভৰি পৰিছে মোৰ কন্ঠ,
এটাৰ পিছত এটাকৈ গাইছো,
আৰু তুমি কাষতে বহি আপোন মনে শুনিছা ৷
মোৰ গান, তোমাৰ প্রাণ
মোৰ গানতেই তোমাৰ চিৰ'দিন চিৰ'কাল ৷
বহু কথা ক'লা তুমি অত' দিনে ,
ময়ো গালো গান একান্ত মনে ৷
এতিয়া তোমাৰ বৃদ্ধ কাল ,
মোৰ গান শুনি হৃদয় জুৰোৱাই ভাল ৷ 
        
   ✍️ ৰাজু দাস ৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send