চাহ জনগোষ্ঠী -অদিতী তাঁতী

©Admin
0
হয় আমিয়েই চাহ জনগোষ্ঠী
বৃটিছৰ নিমখ খাই এতিয়াও আমি শোষিত এটা জাতি
হাতত কলম কটাৰী আৰু কান্ধত কোৰ 
বাগানৰ সৰু সৰু ৰাস্তাত 
শাৰী শাৰী মানুহৰ ভীৰ 
এফালে তিৰোতা আৰু এফালে পুৰুষ
শীতে কপোৱা জাৰত মাথোঁ এজোৰ হাঁওৱাই চেণ্ডেল আৰু 
পাতলীয়া গৰম কাপোৰ
নিমখ চাহৰ জুতি লৈ ওলাই আহিছে নিজৰ কৰ্ম স্থানলৈ
প্ৰতিদিনে কৰি আহিছে জীৱন যুদ্ধ 
পৰিয়াল আৰু সন্তানৰ বাবে
এশবছৰে নিমাত থকা চাহাবৰ কথা শুনিব লগা হোৱা সেই সাধাৰণ চাহ শ্ৰমিকৰ বাবে 
সাহস হিচাপে প্ৰতিষ্ঠা হ'ল
অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ
চাইমন সিং হৰ'আৰু সন্তোষ কুমাৰ তপ্ন,ক আজীৱন কৰিম আমি সন্মান
নিজ জনগোষ্ঠীৰ বাবে মাত আমিয়েই মাতিব লাগিব
যদিও মৃত্যুৰ মুখামুখি হওঁ 
দিবলৈ সাজো বলিদান
আমি সেই নিপিঢ়িত বৃটিছৰ গোলামী 
কিন্তু সেই কেঁচা সোণৰ পৰিচয়তো এতিয়া বিশ্বদৰবাৰত
 তথাপিও ৰ'দে পোৰা শৰীৰক কোনেও নকৰে সন্মান 
ৰজাঘৰে আৰু কিমান দিব প্ৰতিশ্ৰুতি চাহ জনগোষ্ঠীক !
কিন্তু ক্ষান্ত নহয় কেতিয়াও আটছাৰ সাহসী নীতি।।

✍️অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)