সুদীৰ্ঘ বিশ বছৰীয়া যাত্ৰা তোমাৰ
মূৰত গধুৰ বোজা,
সমুখত এক সু-উচ্চ প্ৰাচীৰ ।
প্ৰাচীৰৰ সিটো ফালে আছে আৰু প্ৰাচীৰ,
তুমি যে জীৱন যুদ্ধৰ সৈনিক
সেয়া আমাক দেখুৱাই দিয়া ।
সময় গতিশীল
পৰিৱৰ্তনশীল জীৱন,
পথ কণ্টকাকীৰ্ণ, নহয় সেন্দুৰীয়া !
তথাপি তুমি
উৰুৱাব লাগিব বিজয়ৰ পতাকা,
পাৰ হোৱা সমুখৰ প্ৰাচীৰ ।
ৰৈ থাকিম আমি আশাৰ দলিচা পাৰি
অন্তিমখন প্ৰাচীৰ সিটো ফালে,
চাবলৈ তোমাৰ বিজয়ৰ হাঁহি ।
✍️পৰিষ্মিতা তালুকদাৰ
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ