সেউজীয়া আশাত অনুভৱৰ ধেমালি- নিতিশা খাউণ্ড

তোমাৰ মাজেৰে ৱোৱাই নিব খুজো
এখনি কবিতাৰ নৈ
তোমাৰ হাঁহিৰেই সাজিব খুজোঁ
আশাৰ চৈ
জানানে তুমি?
যদি তুমি কোৱা,
আ‌উসী ৰাতিও নামিব এজাক বৰষুণ
জোনাকৰ।
এবাৰ চকু তুলি চোৱাচোন,এইফালে
দাপোনত দেখিছানে তোমাৰ ছবি?
আকাশৰ নীলাবোৰে
পথাৰৰ সেউজীয়াবোৰে
জোনাকী ৰাতিৰ জোনাকবোৰে
মলয়াত ভৰ দি ,ডেউকা কোবাই
কিয় তোমাৰ দুচকুতেই নাচে?
নৈ পাৰৰ কহুঁ‌ৱাবোৰে গোৱা গীতে
মোৰ হৃদয়ত তোলে মধুৰ ঝংকাৰ
বিৰিণাৰ পাতৰ দৰে।
তুমি আহিলে 
বতাহৰ সুৰ জাকো সোমাব খিৰিকীৰে
আৰু,
প্ৰতিটোপাল নিয়ৰেই হ'ব একোটি তৰা
উৰি ফুৰিব মোৰ কোঠাৰ চাৰিওদিশে
জোনাকী পৰুৱাৰ দৰে .......।

✍️নিতিশা খাউন্দ
যোৰহাট

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send