মৰমৰ,
ভালপাব নোৱাৰিলেওঁ
কৃপণতা নকৰিবা ঘৃণাৰে উপচাবলৈ।
মইটো জানোৱে মোৰ বাগিছাখন
জী-উঠিব নোৱাৰাকৈ মৰি গৈছে।
এটাই জীৱন
হেজাৰ সপোনৰ ঠিকনা দিব গৈ
হেৰুৱাইছোঁ নিজকে ।
বিচাৰি উলিয়াবলৈ অনুসন্ধান কক্ষত
এতিয়া মানুহৰ অভাৱ।
জানোচাঁ সিহঁত এতিয়া বিদায় লৈছে এইবোৰৰ পৰা !
এখন দুখন নহয়
গণনাৰো অধিক হৃদয় নিঃসৃত পৃষ্ঠাবোৰে
ঠিকনা বিচাৰি চলাথ কৰিছিল তোমাৰ প্ৰেমৰ পথাৰ ।
কিন্তু ঠিকনা যে ঠিকনাহীন হৈছে , ভবাই নাছিলোঁ।
সেয়ে আজি আকৌ____
বিনামেঘে বজ্ৰপাত হ'লে মানুহ যেনেকৈ আচৰিত হৈ পৰে, মোৰ এই কলুষিত হাতৰ চিঠিখনে তোমাক যে আচৰিত কৰিব তাত সন্দেহ নাই। অৱশ্যে মই নিজেও নাজানো, কি আৰু কিয় এই প্ৰয়াস । কলম-ডাল ও থৰ্থৰিমান্ । ময়ো বিস্মিত্।
জীৱনত আৰু এখন চিঠি নিলিখোঁ বুলিয়েই ভাবিছিলোঁ , কিয়নো সেই অধিকাৰ মোৰ কাহানিবা সমাপ্ত হৈছে। হয়তো তাৰ স্মৃতিয়ে খুলি-খুলি খাব জীয়াই থকা লৈ আৰু মৃত্যুৰ সিপাৰেও -------!!সেয়েহে চিঠি লিখিবলৈ প্ৰয়াস কৰি যদি পুনঃ মহাভুলকে কৰিছোঁ তেন্তে মোৰ বুকুৰ তেজেৰে লিখা চিঠিখন তোমাৰ নুপুৰ পৰিহিতা ভৰিৰে মোহাৰি মোক হেঁপাহ গুচাই অভিশাপ দি এসময়ত তোমাৰ প্ৰেমৰ পূজাৰী মই জীয়াই থকাৰ কথাটো পাহৰি গৈ মোৰ এই মহাভুলৰ প্ৰায়শ্চিত্ত কৰিব নোৱাৰিবা নে !
ভুলেৰে গঢ়া মোৰ জীৱন । জনমৰ আদিম পুৱাৰে পৰা ভুলৰ পূজাকে কৰি কৰি ভুলৰে গঢ়িছোঁ সুবিশাল পাহাৰ । বগাব পৰা নাই সেই সমতলৰ পৰা শিখৰলৈ। সেয়ে আজি শেষ যাত্ৰাৰ প্ৰস্তুতিত ব্যস্ত সময়, ব্যৰ্থ জীৱন ।
মনত ৰাখিবা ,-"প্ৰেম গাত পিন্ধা কামিজ বা ভৰিত পিন্ধা জোতা নহয় , ইচ্ছা হ'লে তাক পিন্ধিবা নহ'লে খুলি পেলাবা "! প্ৰেম শ্বাসত,প্ৰেম বাধাহীন হৃদয়ৰ ফল্গুধাৰা ,প্ৰেম স্বৰ্গীয় ,প্ৰেম চিৰন্তন। প্ৰেমেই গঢ়িছিল তাজমহল ,প্ৰেমত সৃষ্টি ধৰণী । প্ৰেমে মানুহক মহান কৰে , প্ৰেমৰ ৰচীৰেই আগুৱাই যায় মানুহ মনুষ্যত্বৰ পৰা দেৱত্বলৈ। কাৰো প্ৰাণত আঘাত নিদিবা । ঈশ্বৰ ৰুষ্ট হ'ব। তুমি ভোমোৰা হৈ মৌ বিচাৰিবা , মাখি হৈ লেতেৰা ঠাই লৈ নাযাবা ।এয়াই মোৰ শেষ অনুৰোধ।
বিদায় -----------!
পুনঃ
তোমাৰ হৃদয়ৰ আলমিৰাখন সযতনে ৰাখিবা ।
মোৰ ভালপোৱাই তোমাৰ নিৰৱতাক বিচাৰি
চলাথ কৰিব পাৰে কেতিয়াবা অস্তৰাগী সূৰযৰ স'তে নতুবা মাজ নিশাৰ হুমুনিয়াহৰ ।
ইতি,
তোমাৰ পৰিত্যক্ত "
" জীৱন "
✍️ জহিৰুল ইছলাম
গোৱালপাৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ