আপোন গাওঁখনৰ পৰিচয় স্মৰণীয় অৰিহণা আৰু অনুপ্ৰেৰণা-জয়া বড়ি

Rinku Rajowar
0
মানুহ মাত্ৰেই জীৱন গতিপথৰ যাত্ৰী। আমাৰ প্ৰত্যেকৰে নিজা নিজা অৰ্থাৎ সুকীয়া ঘটনা পৰিঘটনাৰ সমাহাৰ ঘটে।তাৰে কিছুমান সময়ৰ লগে লগে পাহৰি যাওঁ আৰু কিছু চিৰদিনৰ বাবে থাকে,যাক আমি চমুকৈ স্মৰণীয় বুলি কওঁ।
      মোৰ জন্ম গোলাঘাট জিলাৰ অন্তৰ্গত বহু পিছ পৰা অঞ্চল ২নং ৰি ৰি গাওঁ নামৰ এখন ঠাইত। গাওঁখন ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ মাজত ভাগত অৱস্থিত।যিহেতু নদী কাষৰীয়া অঞ্চল বিশেষকৈ তাত প্ৰায়ে ৰি ৰি শব্দৰে উচ্চাৰিত ফৰিংবিধ অধিক পৰিমাণে পোৱা গৈছিল,সেয়েহে গাওঁখনৰ নাম ৰি ৰি গাওঁ নামেৰে নামাকৰণ কৰা হৈছিল বুলি ককা-আইতাই কয়। গাওঁখনৰ বিশেষত্ব হ'ল নদীৰ নীলা পানী,পলসুৱা মাটিত সেউজীয়া পথাৰ আৰু সোণোৱালী শস্য।
   ‌ পথাৰৰ সৰু সৰু আলিৰ দাঁতিতে টঙী ঘৰত বহী ৰ'দালীৰ গীত গাই গাই সোণোৱালী ধানৰ মাজত পৰা চৰাই খেদা সময়বোৰ। মাক-দেউতা আৰু বৰ্তা-বৰ্মাই পূৱাৰ আৰম্ভণিতে পথাৰলৈ যোৱা পিছে পিছে সেমেকা দুচকু লৈ কান্দি কান্দি লগত যোৱা। গাঁওৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা গৈ কুৰুৱাবাহীত পঢ়া। ধনশিৰি নৈৰ পাৰৰ কাষে কাষে কোনো ভয় শংকা মনলৈ নানি মৰাপাটৰ ওখ ওখ গছৰ সেউতা ফালি বুকুত অযুত সপোন লৈ নদী পাৰ হৈ বিদ্যালয়লৈ অহা। বাৰিষাকালত সহযোৰেৰে বঠা মাৰি নাওঁ বাই পৰীক্ষা আৰম্ভণিৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হোৱা। ছাৰ-বাইদেউৰ মৰম আৰু আশীৰ্বাদৰে আশাৰ নিজা চিনাকি, আশাৰ ৰেঙনী বিছাৰি প্ৰত্যেক দিনাই বিদ্যালয়ত উপস্থিত থকা সদায়ে স্মৰণীয়।
   গোলাঘাট জিলা,বোকাখাত মহকুমা,ডাকঘৰ বংকুৱাল,দিচৈ পঞ্চায়ত,কমাৰগাওঁ থানা, ৰাজ্য অসম দেশ ভাৰত। মিচিং সম্প্ৰদায় জনজাতীয় তথা জনগোষ্ঠী যদিও অসমত থকা সকলোৱে অসমীয়া বুলি চিনাকি দিয়াৰ সুবিধা দিলা তাৰ বাবে চিৰ কৃতজ্ঞ।

গাঁওৰ জীয়ৰী সপোন সুন্দৰী সৰলতাই আমাৰ চিনাকী। বান্ধোনৰ শিকলি চিঙি প্ৰিতিৰে ভ্ৰমী,
নদী মাতৃক আমি কৰ্মক সাৰথি কৰি সেউজ পথাৰত লৈ জীৰণী।
আমি সংগ্ৰামী নতুন যাত্ৰী,
সেউজীয়া মন,সেউজীয়া প্ৰাণ!
কৰ্মৰ উৎকণ্ঠা এয়াই আমাৰ ৰি ৰি গাওঁ ধুনীয়া ধৰণী।

🖊️জয়া বড়ি,২নং ৰি ৰি গাওঁ,গোলাঘাট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)