আমাৰ অস্তিত্ব ৰক্ষাত সাহিত্যৰ ভূমিকা ০৩~প্ৰবন্ধ-হেমেন হাজৰিকা


   সাহিত্য জন জীৱনৰ দিগন্ত ৰেখাত আশাৰ সূৰুয | জন সাধাৰণৰ মন গহনত বিয়পি থকা অজ্ঞানতাৰ আন্ধাৰ নাশি সাহিত্যই আলোকিত কৰি তুলিব লাগে , জীৱনৰ সঁচা ৰূপটোক সঁচাৰ কাঠিৰে জুখিবলৈ শিকাব লাগে | জনমানসত সত্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু আস্থাৰ ভাৱ গঢ়ি তুলিব লাগে সাহিত্যই | গতিকে এটা জাতিৰ জাতীয় অস্তিত্বক বজাই ৰখাৰ লগতে ইবিলাকৰ সৰ্বটো দিশৰ উৎকৰ্ষ সাধনত সাহিত্যৰ যি  দায়িত্ব আৰু কৰ্তব্য তাক উপেক্ষা নকৰাকৈ সাহিত্য সাধনত মনোযোগ দিয়াটোক হ'ব প্ৰতিজন সাহিত্যসেৱীৰ একমাত্ৰ লক্ষ্য |
    ইতিহাসে যিদৰে পৰ্যায়ক্ৰমে সত্যক প্ৰকৃত ৰূপত প্ৰতিফলিত কৰে সাহিত্যইও সেই সত্যক কল্পনাৰ ৰহণ সানি ভাৱৰ স্ফুৰণেৰে ন-কইনাৰ ৰূপত পৰিৱেশন কৰে | অৰ্থাৎ ঐতিহাসিক সত্যই সাহিত্যত কল্পনাৰ বনকৰা সাজৰ ওৰণি লৈ থাকে মাথোন | ওৰণিৰ তলত থকা সত্যৰ সাৰ্থকতা তেতিয়াহে হ'ব , যেতিয়া ই জাতীয় মানসপটত জাতীয় আদৰ্শ , লক্ষ্য আৰু জাতীয় প্ৰেমৰ প্ৰতি আকৰ্ষণ জগাই তুলিব পাৰিব | জাতীয় ঐতিহ্য আৰু জাতীয় ঐক্য বজাই ৰাখিব পৰাতেই নিৰ্ভৰ কৰিব এখন দেশৰ আৰু এটা জাতিৰ সামূহিক উন্নতি আৰু প্ৰগতি | আদৰ্শ তথা লক্ষ্যভ্ৰষ্ট সাহিত্যই জাতীয় অস্তিত্ব ৰক্ষাত অৰিহণা যোগাবলৈ সক্ষম হ'ব নোৱাৰে |
    সাহিত্য কেতিয়াও জাগতিক প্ৰবাহৰ বাহিৰত থাকিব নোৱাৰে | সাহিত্য এক গতিশীল প্ৰচেষ্টাৰ সৃষ্টিশীল প্ৰক্ৰিয়া | নিপীড়িত আৰু অৱহেলিত জাতিৰ মৌলিক দাবী পূৰণৰ চেষ্টাৰ লগে লগে ইবিলাকলৈ অনুৰাগ আৰু ফলপ্ৰসূ অনুকম্পা সাহিত্যই দেখুৱাব লাগিব | সৃষ্টিশীল মানুহে গতানুগতিকতাতে সন্তুষ্ট নাথাকি নতুনৰ উঁহ বিচাৰি দৌৰিব লাগিছে | ফলত নতুন সত্য উদঘাটন হৈছে | জনজীৱনৰ ধাৰাত নতুনত্ব সোমাই পৰিছে, লগে লগে সাহিত্যই ৰূপ সলাইছে --এয়া চিৰন্তন চলি অহা ৰীতি | অন্যহাতেদি বিশ্বচৰাচৰৰ সৌন্দৰ্য্য পিপাসু মানৱে সৌন্দৰ্য্য ৰশ্মিৰ পাছত অহৰহ ঘূৰিব লাগিছে | সেয়ে সৌন্দৰ্যয্যৰ প্ৰতীক হিচাপেই সাহিত্যিকৰ দ্বাৰা চিত্ৰিত হৈ সাহিত্যই ৰূপ সলাইছে | 

আগলৈ  

✍️হেমেন হাজৰিকা 
মিৰ্জা
  

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send