শুকুলা চাদৰৰ আস্ফালন
সোণোৱালী সূৰুযৰ লুকাভাকু
মৃদু মলয়াৰ বিৰিখৰ পাতে পাতে চুমা চুমি ...
যেন শান্তিৰ বা- এছাটি ...!!
ৰুণুজুণ নুপুৰৰ ধ্বনিত
পৰিছেহি বৰষুণ এছাটি...
বসুমতীৰ দেহাটি যেন এইবাৰ শাঁত পৰিল ।
লুতুৰি পুতুৰি হ'ল আইৰ চুলিটাৰি
জীপাল আইৰ পদূলি,
সোণালী সপোন জিলিকিল ।
মৃদু শিহৰণে কঁপাই তুলিলে
কাৰোবাৰ বুকু ।
শান্তিৰ পক্ষী উৰে ডাৱৰৰ আঁৰে আঁৰে
ৰঙীণ পখিলা নাচে
পুষ্পৰ কুঞ্জে কুঞ্জে ...
পুষ্পকাননৰ ৰূপত বিভোৰ
অচিন দেশৰ ভোমোৰাটি
শুকুলা ডাৱৰে কঢ়িয়াই আনে
শান্তিৰ জিৰণি এধানি ...
চিৰিলি চিৰিলি তামোলৰ পাতত
উলমি জিলিকি থাকে শান্তিৰ পঁজা এটি
ভাঁহি আহে ফুটা নুফুটা মাতেৰে
এটি গীতৰ কলি ...।
✍️ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ