জোনাকী জখলা-সান্নিধ্য শইকীয়া

প্ৰতিটো ক্ষণতে মই জী উঠিব খোজো,,
তৰঙ্গিনীৰ ওপৰে বৈ অহা,,
জীৱনৰ সুখ-দুখৰ সজীৱতাৰ,,
এমুঠি জীয়া জ্যোতিৰ্ময় কাহিনী।।
প্ৰতিটো ক্ষণতে মই জী উঠিব খোজো,,
পূণিৰ্মা ৰজনীৰ সুগন্ধি পখিলাৰ,,
সুৰীয়া গীতৰ গুণ গুণণি।।
প্ৰতিটো ক্ষণতে মই জী উঠিব খোজো,,
অধাৰ স্নেহৰ আলিংগনৰ,,
জীৱনৰ হাঁহি-কান্দোনৰ মংগলধবনিৰে,,
হৃদয়ৰ এক অনুভূতি।।

✍️ সান্নিধ্য শইকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send