এইয়া ঈশ্বৰ অহা সময় - জিতেন চেতিয়া

©Admin
0
ঈশ্বৰ ফুল ফুলিছে
দশোদিশে
এজাক বনফৰিং বতাহ বিয়পি পৰিছে
সুতীক্ষ্ণ সুৰত ৷

মৰত নহয় যেন অময়াপুৰী ---

পাহ মেলা জোনাক বৰষুণত
ভিজা ওঁঠবোৰ লৰিছে কঁপিছে
অনামী আৱেশত ৷

মানুহৰ চুবুৰীলৈ
এতিয়া ঈশ্বৰ অহা সময়
সেয়েহে প্ৰেমবোৰ ফুলিছে বুকুত
চাপৰিৰ কহুঁৱাৰ দৰে শুভ্ৰবসনত ৷
      
✍️ জিতেন চেতিয়া ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)