শৰতৰ শেৱালী- ৰুমী কলিতা দত্ত

©Admin
0
কুঁৱলীৰ মায়াসানি শৰৎ আহিল 
   মুকুতা ঢালি ৰং সানিব দুবৰিৰ মূৰত 
     শেৱালিয়ে আমোলমোলাই মলয়াত দিব 
         সুবাস ছটিয়াই....
      অবুজ শিশুৱে সৰা শেৱালিৰ মালাগাঁঠি
   তুলসীজুপিক দিব পিন্ধাই... ।
শুভ্ৰতাৰ চাদৰ হৈ ফুলিব কঁহুৱা  
শৰতক জনাব আগমন . ..
   মায়াসনা কুঁৱলীয়ে ধৰাখনি ৰাখিছে ঢাকি
       সূৰুযে পোহৰ বিলাব কুঁৱলীৰ 
               মায়াজাল ফালি ....।
           দোকমোকালিৰ ৰেঙণি দেখি 
        অচিন পক্ষীয়ে জুৰিব কাকলি 
     গাঁৱৰ বোকাপানী আঁতৰি 
গাওঁ হ'ব সোণোৱালী...!!
   চহা কৃষকে নতুন সৃষ্টিৰ আশাৰে 
        পথাৰত দিব নতুনৰ বীজ সিঁচি 
           নতুন ফালে ভৰিব পথাৰখনি...
                দুচকুত জিলিকিব আশাৰ ৰেঙণি
       দেৱীৰ প্ৰতিমাত যাচিব ভক্তিৰ অঞ্জলি
দুবাহুত অসীম শক্তি বিচাৰি...!!

✍️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)