শ্মশানত জ্বলন্ত জুই-বিনিতা বৰা

©Admin
0
তুমি গুছি গ'লা
মোৰ দুচকুত সপোন আঁকি ।
যিদিনা জ্বলি উঠিছিল তোমাৰ
শ্মশানত একুৰা জুই,
সেই তাপত গলি উঠিছিল মোৰ হৃদয়,
নিগৰিছিল মোৰ দুচকুত দুধাৰি চকুলো ।
সেই জুই উমি উমি আজিও মোৰ বুকুত জ্বলি উঠে,
কেতিয়া নুমাব বিচাৰি নাপাও কোনো অন্ত ।
আছা গৈ তুমি দূৰ-দূৰণিত
অজান কোনোৱা নিজান ঠাইত ।
হৃদয়ত একুৰা জ্বলন্ত জুই লৈ
উজাগৰে পাৰ কৰোঁ মই,
চাটি-ফুটি মোৰ মন ।
দোকমোকালি দুৱাৰ খুলি ওলাই আহো মই
নিয়ৰৰ ফটিক টোপালেৰে হৃদয় তিয়াই,
শান্তিৰ এচাতি শীতল বা লওঁ ।
তথাপি শান্ত নহয় মোৰ হৃদয়,
কলিজাৰ ভাঁজে ভাঁজে আছে
তোমাৰ সাঁচ বহি ।
তুমি আছা গৈ দূৰ-দূৰণিত 
শুকুলা ডাৱৰৰ আঁৰে আঁৰে তৰা হৈ
পোহৰ বিলাই,গ্ৰহ-নক্ষেত্ৰৰ লগত কথা পাতি ।
মই দেখো চাৰিওফালে তোমাৰ
মৌ বৰষা মুখৰ মিচিকিয়া হাঁহি ।
মোৰ অতি দুৰৱস্থা দেখি
ফাগুণৰ পচোৱা বতাহ জাকে আহি,
কাণে কাণে মোক কয়---------
গোলাপ ফুলে সুগন্ধি বিলাই বাগিচাত ফুলি আছে,পলাশে ৰঙৰ মেলা পাতিছে,
কুলি কেতেকীয়ে বিৰিখে বিৰিখে পৰি
বসন্তৰ বতৰা আনিছে ।
সেই বাগিচাতে বহি,
সিহঁতৰ সতে বিলীন হোৱা তুমি !
তেহে নুমাব তোমাৰ হৃদয়ৰ জলন্ত জুই ।
কলিজাৰ ভাঁজে ভাঁজে থকা সাঁচবোৰ 
পৰিপূৰ্ণ হ'ব কেঁচা তেজৰ বুৰ-বুৰণিত ।।

✍️বিনিতা বৰা
হোজাই জিলা,লংকা-কাকী-3

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)