দক্ষিণ কামৰূপৰ ৰাভাসকলৰ স্ত্ৰী আচাৰ অনুষ্ঠান ০৪~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
  বিবাহৰ লগত জড়িত স্ত্ৰী আচাৰঃ--
 আদিম প্ৰথা মতে ৰাভা সমাজত বিয়া সম্পৰ্কে দৰা ঘৰে ছোৱালীঘৰক পাঁচবাৰ সুধিব লাগে | পঞ্চমবাৰ সোধাই শেষ সোধা | ইয়াৰ পিছত কথাৰ লৰ-চৰ হ'ব নোৱাৰে | পঞ্চমবাৰত দৰাঘৰীয়াই কইনাঘৰলৈ বৰ-ভাৰ নিব লাগে | বৰ ভাৰৰ এখন ভাৰত লাউ আৰু মাছ , আন এখন ভাৰত লাৰু-পিঠা আৰু অন্য এখন ভাৰত কল প্ৰভৃতি ফল-মূল নিয়ে | কইনা পক্ষৰ ৰাইজো সমবেত হয় | দৰা পক্ষৰ গাভৰুৱে কইনাৰ মূৰ ফণিয়াই দিয়ে |
   কাপোৰ-কানি , আ অলংকাৰ পিন্ধায় | তাৰ পিছত দৰা-ঘৰীয়াই কইনা ঘৰৰ লোকক বহনি তামোল দুটা আৰু দুখিলাকৈ পাণ দি মান ধৰাৰ পিছত বিয়াৰ দিনবাৰ ঠিক কৰে |
   বৰ্তমান সময়ত বিয়াৰ এমাহ আগতে বা এদিন আগতে ৰাভাসকলে জোৰণ বা বৰভাৰ অনুষ্ঠান পাতে | এই অনুষ্ঠানত তামোল এথোক , পাণ এটা , দৈৰ কলহ দুটা , নাৰিকল এযোৰ , মাছ এটা , বেঙেনা পাঁচটা , পানী লাউ এটা নাইবা ৰঙা লাউ এটা , কাপোৰ এযোৰ , অলংকাৰ , সেন্দুৰ , আইনা , ফণি , তেলৰ বটল , প্ৰসাধন সামগ্ৰী আৰু মদৰ বটল দুটা নিয়ে | দৰাঘৰৰ যিকোনো এজনী নাৰীয়ে কইনাক মূৰ ফণিয়াই সেন্দুৰ আৰু অলংকাৰ পিন্ধাই দিয়াৰ পিছত এই অনুষ্ঠানৰ অন্ত পৰে | 
বিয়া অনুষ্ঠানত ৰাভাসকলে এবাৰেই পানী তোলে | বিয়াৰ দিনা দুপৰীয়া কইনা বা দৰাৰ সম্পৰ্কীয় এগৰাকী তিৰোতাই লোটা এটা লয় | চাৰিজনী কুমাৰী ( সৰু ) ছোৱালীয়ে চাৰিটা মাটিৰ টেকেলি লৈ আয়ো বা আয়তীসকলৰ লগত পানী তুলিবলৈ নৈ বা পুখুৰীলৈ যায় | লোটা লোৱা তিৰোতা গৰাকীয়ে এযোৰ তামোল-পাণ আৰু পইচা এটা পানীত দি সেৱা কৰি পহু ডাৱৰ কটাৰী এখনেৰে পানী কাটি লোটাটোৰ পানী ভৰাই লয় | ছোৱালীকেইজনীয়ে টেকেলি কেইটা ভৰ্তি কৰি পানী লৈ আহে | পানীৰ ওপৰত ৰ'দ নপৰাকৈ টেকেলিৰ মুখখন এখন ৰুমালেৰে ঢাকি লৈ অহা হয় | পানী তোলা সময়ত তেওঁলোকে অন্য জনজাতি সকলৰ দৰে বিয়াগীত গাই আনন্দ ধেমালি কৰে | 

 আগলৈ

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)