এখন সচেতন সমাজ গঢ়ি তোলাত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা ~ প্ৰবন্ধ- দুলাল ৰবিদাস

©Admin
0

আজি যুগটো হৈছে বিশ্বায়নৰ যুগ মানুহৰ চিন্তাধাৰা সলনি হৈছে ৷ সমাজখন ভিন্নমুখী হৈ পৰিছে ৷ লগতে বৃদ্ধি পাবলৈ ধৰিছে সমাজত বিভিন্ন সমস্যা ৷ বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল Covid 19 অথবা কৰ’ণা ভাইৰাছে গোটেই বিশ্বতে হাঁহাকাৰ ৰ সৃষ্টি কৰিছে ৷ এনে সময়ত সমাজখনত সজাগ আৰু সচেতন কৰি তোলাত আমাৰ ছাত্ৰ সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷
আমি ছাত্ৰ সমাজে কিদৰে সমাজখনক সচেতন সমাজ ৰূপে গঢ়ি তুলিবলৈ কেইটামান মূল কামৰ বৰ্ণনা তলত ডাঙি ধৰিলোঁ -
Covid বা কৰ’বা ভাইৰাছৰ পৰা ৰক্ষা কেনেকৈ পাব পাৰি সেই বিষয়ে সচেতন বাৰ্তা দিবলৈ সজাগতা শিবিৰ পতা বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা যেন মাৰ্ক্স বিতৰণ কৰা ৷ সামাজিক দূৰত্ব কেনেকৈ বজাই ৰাখিব পাৰি তাৰ ওপৰত সজাগ কৰাৰ লগতে এনে সংকটৰ সময়ত কিদৰে নিজৰ লগতে আনকো সুৰক্ষিত ৰাখিব পাৰি সেই বিষয়ে সমাজত আলোচনাৰ দ্বাৰা বুজাই দিয়া আদি ৷
সমাজৰ আনবোৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেই বিষয়েও সমাজত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে বুজাই দিব লাগে যেনে -
খোৱাপানী সমস্যা , পৰিৱেশৰ লগত জৰিত সমস্যাবোৰ , স্বাস্থ্য সমস্যা আদি ৷
আমাৰ সমাজখনত দেখা দিয়া প্ৰতিটো সমস্যাৰ বিষয়ে সচেতন বাৰ্তা দিয়াটো আমি ছাত্ৰ সমাজৰ প্ৰধান ভূমিকা হোৱা উচিত ৷ 
গতিকে এখন সুস্থ সবল সচেতন সমাজ গঢ়ি তোলাত আমাৰ ছাত্ৰছাত্ৰী প্ৰধান ভূমিকা আছে বুলি মই ভাৱো ৷

✍️দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)