সপোন যেতিয়া দিঠক হয়~গল্প- অনিতা গগৈ

©Admin
0
                                                                                  আয়ুশ্ৰী কোন আহিছে চাগৈছোন !
আয়ুশ্ৰী বাচন ধোৱাৰ পৰা খৰধৰকৈ চাদৰৰ আগত হাতখন মচি মচি ওলাই আহে ৷
অ দাদা ভালনে ?
ভালেই এফালে গৈছিলো ভাৱিলো তোমালোকৰ ঘৰত এপাক সোমাই যাওঁ ৷
ভালেই কৰিলে ৷
আপুনি বহক ,মই আপোনালৈ চাহ একাপ কৰো ৷
মনলৈ বিৰক্তি ভাৱ এটা আহিল তাইৰ এই কটকীটোক মায়ে কিয় ইমান আললৌ তুললৌ কৰে বুজি নাপাওঁ ৷ মোৰ ভাগ্যত বিয়া লিখাই নাই চাগে ৷ বিয়া নোহোৱাকৈ মানুহ নাথাকে জানো ৷ মইওঁ থাকিম বিয়া নোহোৱাকৈয়ে মোৰ মনত অকণো আক্ষেপ নাই ৷
 এনেকৈ কটকীজনে মোৰলৈ বুলি দৰা আনে কিন্তু খাই বৈ গৈ খবৰ দিয়ে পচন্দ নহ’ল বা আন অজুহাত কেতিয়াবা আকৌ মোক চাবলৈ অহা ল'ৰাই ভন্টীহঁতকহে পছন্দ হোৱা বুলি কয় ৷
মোৰ অকণো বেয়া নালাগে হওঁক দে সিহঁতৰ সুখেই মোৰ সুখ ৷ ভন্টীহঁত ধুনীয়া হোৱা কাৰণে
মোক চাবলৈ অহা লৰাই দুইজনী ভন্টীকে বিয়া কৰালে মোৰ একো আপত্তি নাই ৷ সিহঁতৰ ল'ৰা ছোৱালী জন্ম হ’ল ল'ৰা- ছোৱালীবোৰক মই মৰম কৰো ল'ৰা-ছোৱালীৰ জন্মৰ পাছত মই সিহঁতৰ ঘৰত থাকি ল'ৰা ছোৱালীৰ গো-মুত ধুই সহায় কৰি দিওঁ ৷ মোৰ একো বেয়া নালাগে ৷
     মায়ে মোৰ বিয়াৰ বাবে আপ্ৰাণ চেষ্টা চলায় ৷ মই ৰুমাল গাৰুৱাৰত ধুনীয়া ধুনীয়া ফুল তুলি সপোন ৰঁচো এদিন মোৰোটো বিয়া হ'ব বহুত গামোচা লাগিব সেয়ে যুটিয়ে যুটিয়ে তাঁতশালত তাঁত লগাওঁ ৷
     আমাৰ তিনিজনী ছোৱালী মই ডাঙৰ সিহঁত দুজনীকো দিব লাগিব ৷ সিহঁতে তাঁত বোঁৱা ফুল তোলা এইবোৰ কাম কৰি ভাল নাপায় ৷ মায়ে সিহঁত দুজনীক কামবোৰ কৰিবলৈ ক’লে কয় আজি কালি এইবোৰ কিনিবলৈ পায় ৷ কিন্তু কিনিবলৈ টকা ক’ত পাব দেউতা নাইকীয়া আমাৰ তিনিজনীক ইমানবোৰ বস্তু মায়ে কেনেকৈ যোগাৰ কৰি দিব ৷ হাজাৰটা প্ৰশ্নই মোৰ মনত যোৱাৰ তোলে ৷
     মইয়ে কাপোৰ বৈ বিক্ৰী কৰি সেই টকাৰে দুইজনীকে দুটা মোবাইল লৈ দিছো ৷ সিহঁতক পঢ়াৰ কিবা কিবি চাবলৈ লাগে ৷ লাগেও লগৰবোৰৰ সকলোৰে হাতে হাতে মোবাইল সিহঁতৰ মনবোৰ বেয়া লাগে নহয় ৷
     মই ডাঙৰ ডাঙৰ ফুলবাচি গামোচা বৈছিলো মোৰ বিয়াৰ বাবে ৷ মোৰ বিয়া নহ’ল কি হ’ল সেইবোৰ ভন্টীহঁতৰ লগত দি পথাব পাৰিলো ৷ সিহঁতে ইমানবোৰ ক’ত পালেহেঁতেন ৷ 
     কাৰোবাৰ বিয়া হ’লে মায়ে মোক সাধ্য অনুসৰি ভালৰো ভাল কাপোৰ কিনি দিয়ে বিয়াবোৰত কোনোবাই কিজানি পছন্দ কৰেই ৷ আজি কালি বিয়াবোৰলৈ যাবলৈ মন নাযায় সমনীয়াহে নালাগে ভন্টীহঁতৰ লগৰো সকলোবোৰ ছোৱালী বিয়া হৈ গ’ল ৷ মানুহৰ পুতৌ চাৱনীবোৰ মোৰ ভাল নালাগে ৷
      " সিহঁত দুজনীক দিলে এইহে থাকি গ’ল ৷"
      কথাষাৰে মোৰ বুকুত লক্ষ্মণৰ বুকুত মেঘনাদৰ শক্তি শেলে বিন্ধা দি বিন্ধে ৷ মোক লৈ মানুহে কৰা আলোচনাবোৰ উফৰি আহি মোৰ কাণত এটা এটাকৈ শিলগুটি পৰাদি পৰে ৷
     মায়ে কয় "যাচোন যা অলপ ওলাই মেলি যা মানুহে দেখিলেহে ইটোৰ সিটোৰ কাণ বাগৰি বিয়া নিদিয়া ছোৱালী এজনী আছে বুলি জানিব ৷"
"নালাগে জানিব কোনেওঁ তই মোক বিয়াৰ কথা কৈ নাথাকিবি তই যে মোক সদায় খেদিব বিচাৰ ৷
মই ভাত কেইটা খাওঁনো ৷
মই নহলে তোক কোনে চাব ?
মই অকলেই থাকিব পাৰিম ৷
মই নহলে তই কেনেকৈ থাকিবি ?"
মাকে দীঘল হুমুনীয়া পেলায় ৷
মাকৰ মন নসহে ঠেলি হেচি নাযাওঁ বুলিলেওঁ বিয়াবোৰলৈ পঠায় ৷
ওচৰৰে বৰমায়ে দুটা লৰা আনিলে তেওঁৰে জোৱায়েকৰ কোম্পানীত চাকৰি কৰা লৰা ৷ হলে কি হ'ব মোক পচন্দ নকৰি ভন্টীহঁতক পছন্দ কৰি সিহঁতকহে বিয়া পাতিলে ৷ 
     ঘৰত মন বেয়া লাগিলে মই বৰমাৰ ওচৰতে বহোগৈ কেতিয়াবা নিজৰ দুখৰ কথাবোৰ কৈ আঁচল তিয়াওঁ ৷ বৰমায়ে মোক বৰ মৰম কৰে ৷
     তেওঁ মনতে ভাৱে
এইহেন লক্ষ্মী ছোৱালীজনী ভগৱানে নিশ্চয় গতি লগাব ৷ আগফালে ফুলনি পাছফালে পাচলি বাৰিখন তাই ধুনীয়া কৰি ৰাখিছে ৷ হাঁহ , কুকুৰা , পাৰ সকলো তাইৰ নিজে পুহিছে ৷ বৰমাকক খাবলৈ দিয়ে হাঁহ ,কুকুৰাই পৰা কণী ৷
বৰমাকে ওপৰলৈ চায় ভগৱানক খাতে ছোৱালীজনীৰ কপালখন এইবাৰ যাতে ফুলে ৷ 
    বৰমাৰ জীয়েক গুৱাহাটীত থাকে , জোৱায়েক মুগাঙ্কৰ নিজৰ কোম্পানী আছে গুৱাহাটীতে , লৰা ছোৱালী এহাল ল'ৰাটো পঞ্চম শ্ৰেণীত পঢ়ে ,ছোৱালীজনী স্কুল গৈছে ৷
আজি জীয়েক জোৱায়েক আহিব মোক মাতি পঠাইছে বৰমায়ে পিঠা বনাবলৈ ৷অকলশৰীয়া মানুহ মাজে মাজে মোক মাতে সহায় কৰি দিবলৈ ৷
           ৰাতিপুৱা সোনকালে উঠি ঘৰৰ কামখিনি কৰি বৰমাৰ ওচৰলৈ যাবলৈ গা-ধুইছো মায়ে কৈ আছে ভৰি হাত কেইটা ভালকৈ চাফা কৰি যা ৷ শিলগুটি এটা লৈ গুৰুহাত মাৰি মাৰি চাফা কৰিছো হাতত নেইলপলিচ লগাইছো ৷ ঘৰুৱা কাম কৰোতে কৰোতে ভৰি হাত চাফা কৰিবলৈ সময়ে নহয় ৷ মায়ে কিয় কৈছে মই বুজিছো ৷ সিহঁতৰ লগত অহা দ্ৰাইভাৰটো বিয়া নপতা ৷ মাৰ মনতো ভাল লাগক বুলি মাকে দেখুৱাই মইওঁ চাফা কৰিছো ৷ মই জানো মোৰ বসয় ভাটি দিলে মোক এতিয়া কোনেওঁ বিয়া নকৰায় ৷ 
             আজিকালি ভন্টীহঁতে মোক মানুহৰ আগত চিনাকি কৰি দিবলৈ লাজ কৰে ৷ মই বেয়া নাপাওঁ দেখিবলৈ অলপ ক’লা হোৱৰ বাবে তাতে মোৰ বিয়া হোৱা নাই বাবে মানুহৰ আগত চিনাকি দিবলৈ বেয়া পায় ৷ 
            বৰমাৰ জীয়েক লতাই প্ৰায়ে কয়,"তোমাৰ লাহী ফিগাৰটো মোৰ বৰ ভাল লাগে ৷ লোৱা এইযোৰ কাণফুলি তোমাৰ বাবে আনিছো ৷ " মোৰ হাতত ফুলিযোৰ দিয়ে মোৰ অন্তৰখন ভৰি পৰে মোক ভালপোৱা মানুহ একেবাৰে শেষ হৈ যোৱা নাই ৷ লতাই মোবাইলত ফটো একপি উঠাই মোক দেখুৱায় কাণফুলি যোৰে সৈতে মোক বৰ ধুনীয়া লাগিছে ৷ 
ফটোখনত মই বগা উঠিলো যে কেনেকৈ মই লতাক সুধো ৷
 এডিট কৰি দিছো ৷ তুমি কিমান ধুনীয়া দেখিছা ৷ এনেয়ে বেয়া বুলি মন বেয়া কৰি নাথাকিবা ৷ 
লতাজনীৰ মনতো ইমান ভাল মোৰ মনতো ভাল লাগি যায় ৷ ক্ষন্তেকতে মোৰ প্ৰকৃত ৰূপটো মনলৈ অহাত মনটো মৰি যায় ৷
          আজি লতাজনী গ'লগৈ মনতো বেয়া লাগিছে ৷ আৰু অলপ পাছতে চাগে গুৱাহাটী পাবগৈ মোক কৈ থৈ গৈছে "অহাবাৰকে আহোতে তোমালৈ মোবাইল এটা আনিম তুমি বুটাম টিপা মোবাইলটো আৰু ল'ব নালাগে ৷"
       লতাহঁতক আগবঢ়াই থৈ আহি বিচনা খনতে পৰি লতাৰ লগত কটোৱাৰ সময়ৰ কথাবোৰ ভাৱি থাকোতেই ওচৰৰে ধুনুৱে উধাতু খাই আহি খবৰ দিছেহি বৰমায়ে মোক মাতি পথাইছে ৷একো সুধিবলৈ নাপাওঁতেই সি ভিৰাই ল’ৰ দিলে ৷ মইওঁ লতাহঁতক আগবঢ়াই থৈ আহি বিচনা খনতে পৰি লতাৰ লগত কটোৱাৰ সময়ৰ কথাবোৰ ভাৱি থাকোতেই ওচৰৰে ধুনুৱে উধাতু খাই আহি খবৰ দিছেহি বৰমায়ে মোক মাতি পথাইছে ৷একো সুধিবলৈ নাপাওঁতেই সি ভিৰাই ল’ৰ দিলে ৷ মইওঁ তাৰ পাছে পাছে গৈ দেখিছো বৰমাৰ ঘৰত মানুহে জোম বান্ধিছে ৷ ওচৰ চাপি গৈ গম পালো লতাহঁত যোৱা গাড়ীখন এক্সিডেণ্ট হ’ল ৷ কথাষাৰে মোৰ বুকুত খুন্দিয়াই গ’ল লতাক বোলে Icu ত ৰাখিছে বাকীবোৰৰ জখম কম ৷ বৰমাই ইমান কান্দিছে কি বুলি শান্তনা দিম মোৰহে বেছি দুখ লাগিছে চকুপানীয়ে দুগালত মাল গাঠিছে ৷
      ৰাতিপূৱা ফোন আহিল লতাবা ঢুকাল ৷
মই বৰমা লগতে আছিলো মানুহজনী কান্দি কাটি পাগলৰ দৰে হৈছে খবৰ লবলৈ অহা সকলোৰে চকুত চকুপানী ৷ কান্দি কান্দি বেহুচ হৈ পৰিছে বৰমা ৷ 
        অসুখীয়া মানুহ পতকৈ গুৱাহাটীলৈ যাবওঁ নোৱাৰে ৷ নগলেওঁ নহয় ৷ মাকৰ ঘৰৰ পৰা কোনো নোযোৱাকৈ শৰটো দাহ কৰে কোন হতে ৷ বৰমা সকলোৰে বুজনিত নিজকে সাজু কৰিলে গুৱাহাটীলৈ যাবলৈ ৷ 
        ইমান দূৰ মানুহজনী অকলে যোৱাটো সম্ভৱ নহয় মোক লগ ধৰিলে ৷ আমি গৈ গুৱাহাটী পালোগৈ বাটটো মানুহজনীয়ে কান্দি গৈছে ৷ সপোনতো ভৱা নাছিল তেওঁৰ জীৱনলৈ এনেকৈ যে অমাৱস্যা নামি আহিব ৷ ইফালে জোঁৱায়েক হস্পিতালত আছে ৷ জোঁৱায়েকৰ লগত তেওঁৰ মাক আছে ৷ বিপদবোৰ এনেকৈয়ে আহে কাকো নজনোৱাকৈ ৷
         বৰমাৰ ঘৰত বৰমা আৰু বৰদেউতাক অকলে ৷ বৰদেউতাক ঘৰত অকলে থৈ গৈছে অসুখীয়া মানুহ ইমান দূৰ যাব নোৱাৰে বৰদেউতাৰ দায়িত্ব মাকে দিছে ৷ মায়ে সহায় নকৰাকৈ কেনেকৈ থাকে দুয়োটা জোঁৱায় তেওঁৰ কোম্পানিতে চাকৰি কৰে সকলো সময়তে আমাক সহায়ৰ হাত আগবঢ়ায় ৷ মানুহজনী ইমান সাদৰী ৷
আমি গৈ পোৱাৰ পাছতহে শৱটো মুখাগ্নি কৰিবলৈ লৈছে ওচৰ চুবুৰীয়া মানুহেই ৷
জোঁৱায়েক হস্পিতালৰ পৰা আহিবই নোৱাৰিলে ৷ বৰ হৃদয় বিদাৰক ঘটনা ৷
মই অলপদিন থাকিয়ে ঘৰলৈ আহিলো ৷ মই তাত থকাৰ বাবে ভন্টীহঁতে লাজ পাইছে মালৈ বাৰে বাৰে খবৰ পঠাইছে ৷ মায়ে জীয়েকহঁতৰ কথা কিমান শুনিব বুদ্ধি কৰি মোক তাৰপৰা মাতি আনিলে ৷ 
মই দেখিবলৈ ভাল নহয় বাবে সিহঁতে মোক নিজৰ বায়েক বুলি চিনাকী দিবলৈ লাজ পায় ৷ মাক কথা শুনায় তেনেকৈ লোকৰ ঘৰত থকা বাবে জোঁৱায়েকহঁতে লাজ পাইছে ৷ 
মই একো নকওঁ সিহঁত দুজনীক মইয়ে কোলাত লৈ ডাঙৰ কৰিছো ৷ সৰুতে সিহঁতৰ অকণমাণি হাতভৰি কেইটা পিটিকি পিটিকি কিমান যে মৰম কৰিছিলো ৷ সিহঁত জন্ম হোৱাৰ পাছত মই স্কুল নগৈ সিহঁতৰ লগত খেলি থকা কাৰণে দেউতাই মোক কম পিটিছিল নে ? মই কেতিয়াবা বিচনাৰ তলত কেতিয়াবা বৰমা ঘৰত লুকাই থাকো কথাবোৰ মনত পৰিলে আজিওঁ মন ভৰি পৰে ৷ দেউতা নোহোৱাৰ পাছৰ পৰা সিহঁতক বৰকৈ অভাৱত পৰিবলৈ দিয়া নাই ৷
                কাপোৰ ধুই থাকোতে মন কৰিলো ফেচাঁজনীয়ে উৰুলি দিছে উৰুলিটো শুনি মোৰ মনতে হাঁহি উঠিল ৷ এইখন ঘৰত মোৰ বাদে বিয়া হ'ব লগা কোনো নাই আৰু মোক কোনে বিয়া কৰাব এই বুঢ়ী জনীক বয়সে ভাটি দিলে ৷
          বৰমায়ে মাক মাতি পথাইছে সিহঁতৰ ঘৰত থকা ল'ৰাটোৱে দৌৰি আহি খবৰ দিলেহি ৷
কিয় বা মাতিছে ? মই কাণ উনালো ৷ বৰমা জোঁৱায়েকৰ ঘৰৰ পৰা অহাৰ পাছত মই গৈছিলো মোক দেখোন মাৰ বিষয়ে একো নকলে ৷ হ'ব মা আহিলে গম পামেই ৷
                 খুড়ীয়েক মই তোমাক কথা এটা কবলৈ মাতিলো ৷কওঁকচোন ; জোঁৱায়ে ল'ৰাছোৱালী হাল লৈ ঘৰ চলোৱাত অসুবিধাত পৰিছে জোঁৱাইৰ দেউতাক অসুখীয়া বাবে মাকো বেছিদিন জোঁৱাইৰ লগত থাকিব নোৱাৰে মইওঁ দেউতাকক ইয়াত অকলে থৈ জোঁৱাইৰ লগত থাকিব নোৱাৰো ৷ 
                 আয়ুশ্ৰীৰ মাক চিন্তাত পৰিল মনে মনে ভাৱিলে ল'ৰা ছোৱালীহাল ডাঙৰ কৰিবৰ বাবে আয়ুশ্ৰীক আয়া হিচাবে ৰাখিব বিচাৰিছে নেকি ? আৰু যদি সেয়ে হয় তেওঁ না কৰিব কেনেকৈ ? তেওঁ অলপ চিন্তা কৰি পুনৰ ক’লে ,সেয়ে বিয়নীয়ে মইয়ে সিদ্ধান্ত এটা লৈ জোঁৱাইক জনালো জোঁৱায়েও আপত্তি কৰা নাই ৷ 
কি সিদ্ধান্ত ল'লেনো ? ভয়ে ভয়ে সুধিলে ৷
আমাৰ আয়ুশ্ৰীক লৰা ছোৱালী দুটাক মৰম কৰা দেখি আৰু সিহঁতেও তাইৰ লগ লৈছে সেয়ে বিয়নীয়ে মোক আয়ুশ্ৰীকে জোঁৱাইৰ লৈ বিয়া দিব নেকি সুধিছিল ? ময়ো আমাৰ আয়ুশ্ৰীকে জোঁৱাইক বিয়া কৰোৱাৰ কথা কৈছো এইহে সেইখন ঘৰ ধৰিব পাৰিব ৷ সিহঁতৰ কাম কৰা মানুহৰ অভাৱ নাই ৷ ঘৰ ধৰিব পৰা মানুহ এজনী লাগে ৷
মোৰ মূখখন উৰ্জ্বল হৈ পৰিল মোৰ চাৰিওঁকাষে পোহৰে বিৰাজ কৰিলে ৷ ইমান ভাল মানুহজনী কথা মইহে কিবাকিবি ভাৱিছো ৷
তোমাক কথাটো জনালোঁ তাইৰ পৰা মতামতটো লৈ জনাবা ৷ তেওঁলৈ ছোৱালী দিয়া মানুহৰ অভাৱ নাই মাকে লৰা ছোৱালীহালৰ সুৰক্ষাৰ কথা ভাবি এইকে বিয়া কৰোৱাৰ কথা চিন্তা কৰিছে ৷ বাকীখিনি তোমালোকৰ হাতত ৷
একেলেথাৰিয়ে কথাখিনি কৈ বৰমাকে দায়িত্বটো আয়ুশ্ৰীৰ মাকলৈ ঠেলি দিলে ৷
এইটো ভাল কথাহে তেওঁলৈ বিয়া দিব পৰাতো আমাৰে ভাগ্য ৷
তাই যদি সৈমান হয় কৰ্ট মেৰেজ কৰাৰ কথা জোঁৱাইয়ে কৈছে ৷ 
মাকৰ মনতো পুলকিত হৈ পৰিল ইয়াতকৈ আৰু কি ভাল খবৰ হব পাৰে আমাৰ এইহে সেইখন ঘৰ ধৰিব পাৰিব ৷ আনন্দতে মাকৰ চকুলো বাগৰি পৰে ৷ আয়ুশ্ৰী মনৰ মাজত থকা ডাৱৰখিনি ৰ’দ কাচলিয়ে ধুই পেলাবলৈ লৈছে ইয়াতকৈ আৰু ভাল খবৰ তেওঁৰ বাবে কি হ'ব পাৰে ৷
ঘৰলৈ আহি মাকে জীয়েকক গায়ে মুৰে হাত ফুৰাই সকলো কথা বুজাই কৈছে ৷ মাকৰ কোনো দিন অবাধ্য নোহোৱা আয়ুশ্ৰীয়ে তই যি ভাল দেখ তাকে কৰ বুলিলে ৷ লগতে ভন্টীহঁতকো কথাটো জনাবলৈ মাকক ক’লে ৷ সিহঁতক জনোৱাৰ কোনো দৰকাৰ নাই বুলি মাক জাঙুৰ খাই আহিল ৷
কৰ্ট মেৰেজ হোৱাৰ পাছতহে সিহঁতক কম ৷ সিহঁতে তোৰ কিমান ভাল চিন্তা কৰে জনা আছে ৷
                   বৰমাকে তাইক আৰু মাককলৈ যাব গুৱাহাটীলৈ কৰ্ট মেৰেজ কৰিব বাবে ৷ আয়ুশ্ৰীয়ে গা ধুই গোঁসাইৰ আগত প্ৰাৰ্থনা কৰিছে ৷

"পাৱে পৰি হৰি 
কৰোহো কাতৰি
প্ৰাণ ৰাখবি মোৰ"
****************
মাকৰ বাবে হ'ব লগীয়া জোঁৱাইয়েক হৈ পৰিল স্বয়ং ঈশ্বৰৰ পুত্ৰ ৷ তেওঁ যেন ভগৱান হৈ দেখা দিলে মাক জীয়েকৰ বাবে ৷ আন্ধাৰৰ পাছত পোহৰ আহে সিহঁত জীৱনলৈ পোহৰ আহিছে দুখ আছে বাবেই সুখৰ মূল্য বেছি ৷ ভগৱানে যেন মাক জীয়েকক পৰীক্ষা কৰিলে কিমান দুখ সহিব পাৰে ৷
         কৰ্ট মেৰেজ কৰি দুৰাতি থাকিল সিহঁতৰ লগত মাক আৰু বৰমাক ৷ মাক আৰু বৰমা আহিবলৈ ওলাল ৷ তাই চকু পানী ধৰি ৰাখিব নোৱাৰিলে ৷ মাকহঁতেও তাই নেদেখাকৈ চকুৰ পানী টুকিলে ৷
        ঘৰখনত কাম কৰা মানুহৰ অভাৱ নাই পৰিচালনা কৰা মানুহ
তোমাক কথা এটা কবলৈ আছে ৷
মাহঁত যোৱাৰ পাছত আমি এদিন এজন মানুহৰ ওচৰৰ পৰা আহিব লাগিব ৷ 
মৃগাংকই আগতিয়াকৈ ডাক্তৰৰ লগত কথা পাতি থৈছিল কেনেকৈ তাইৰ স্কীনখনৰ ৰংটো চেইঞ্জ কৰিব পৰা যায় ৷ ডাক্তৰজনৰ পত্নী ভাল বিউটিচিয়ান তেওঁৰ লগত কথা পাতিবৰ বাবে মৃগাংক কাৰ্ড এখন দিলে ৷ তেখেতৰ পত্নী মোম্বাইত থাকে ৷ 
মৃগাংকই আয়ুশ্ৰীক লগত লৈ মোম্বাই পালেগৈ ৷ সি ল'ৰা ছোৱালীহাল ঘৰতে মাকৰ লগত থৈ যোৱা কথা ভাৱিছিল ৷ কিন্তু তাই নেৰে সিহঁত দুটাকো লগত লৈ যাব ৷ সিহঁতে তাত চিকিৎসা কৰা লগতে ফুৰিব পাৰিব ৷ 
             আয়ুশ্ৰী এতিয়া আগৰ আয়ুশ্ৰী হৈ থকা নাই ৷ তাই ক’লা ছালখন বগালৈ পৰিবৰ্তন হ’ল এনেয়েও তাই ফিগাৰটো ধুনীয়া ৷ এতিয়া তাই কৰবালৈ গ’লে নিজকে বেয়া বুলি আপচুচ কৰিব নালাগে ৷
ভনীয়েকহঁতে তাইক দেখি হিংসা কৰিবলৈ ধৰিল ৷ মাকৰ মনত অপাৰ আনন্দ মানুহৰ জীৱনটো কেনেকৈ পৰিবৰ্তন হয় কোনেওঁ নাজানে সময়ে সকলোৰে পৰীক্ষা লয় ৷
মৃগাঙ্কই পাৰ্টিলৈ লগ ধৰিলে আজি কালি আয়ুশ্ৰীয়ে নাযাওঁ বুলি নকয় ৷ লৰা ছোৱানী হালো লাহে লাহে ডাঙৰ হৈ আহিছে ৷ আজি পাৰ্টি আছে তাই শাৰীখন পিন্ধি থাকোতেই ছোৱালীজনী আহি শাৰীখনৰ কুচ কেইটা ঠিক কৰি দিছে ৷
আয়ুশ্ৰীক দেখি মৃগাংক মুখেৰে আপোনা আপুনি ওলাই গ’ল
" তোমাৰ ফিগাৰটো বৰ ধুনীয়া " ৷

✍️অনিতা গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)