আকুহি অনা হেঁপাহ-হেমেন হাজৰিকা

   শুকান জেওৰা ছেপা ৰাতি
   নিশাই ফুলি 
   নিশাই সৰে
   থেকেৰা ফুলৰ কলি ।

  খোপাৰ সুগন্ধিত
  বালিমাহীৰ হাঁহি
  লেছেৰী বুটলা ধানৰ থোক
  আঘোনৰ ন-খোৱা
  এসাঁজ দুৰ্লভ ভাত ।

  পুহত পিঠা খাই
  মেজিৰ জুইকুৰাত
  গা- টো সেকিবলৈকে
  জকাই চুকলৈ
  এবাৰ আহিবা নেকি 
  অৰুণিমা ?

  শুনিছোঁ
  এইবাৰ হেনো
  মেজিৰ জুইকুৰা
  ডাঙৰকৈ জ্বলিব ।।

✍️হেমেন হাজৰিকা
মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send