সময়ৰ দাপোনত ঢেকীয়ালৰ প্ৰতিচ্ছবি ০১~আমাৰ গাঁও আমাৰ চহৰ- দশমী শইকীয়া

©Admin
0
"মন হীৰাদৈ চাইকেল নহয় টিলিঙা
ডেকা নহয় পিলিঙা
ৰহঢলা পথাৰত,আহিবা ঐ নিজানত
. . . . . . . . . . .
মেলেঙৰে বজাৰত,ঢেকীয়ালৰ কলহত
গুৰৰ বজাৰ আঁহতৰ ছাঁত"

গানটি সকলোৰে প্ৰিয় ৷ ইয়াত উল্লেখ থকা ঢেকীয়াল অঞ্চল গোলাঘাট আৰু দেৰগাঁৱৰ সোঁমাজত অৱস্থিত৷ 
এই ঢেকীয়াল অঞ্চল প্ৰাক্‌ আহোম যুগত কছাৰী ৰাজ্যৰ অংগ আছিল ৷ পৰৱৰ্তী সময়ত চুহুংমুং দিহিঙ্গীয়া ৰজাৰ দিনত ই আহোম ৰাজ্যৰ ভিতৰুৱা হৈ পৰে ৷ 
      ইয়াৰ ভৌগোলিক চাৰিসীমা হৈছে
পূবে অকাআলি বৰ্তমান হেমচন্দ্ৰ গোস্বামী পথ
পশ্চিমে দৰিয়াজানআৰু সন্দিকৈ গাওঁ
উত্তৰে কাঠকতিয়া গাঁও আৰু গোঁহাই আলি
দক্ষিণে দৰিয়াজান আৰু বনগাঁও
এই অঞ্চলটোক ঢেকীয়াল কিয় কোৱা হয় তাক লৈ বিভিন্ন মতামত থকা দেখা যায় ৷ 
কোৱা হয় যে আহোম ৰাজবিষয়া সকলক এই অঞ্চলৰ লোকে ঢেঁকীত বনোৱা চাউল যোগান ধৰিছিল সেয়েহে ঢেঁকীশালৰ পৰা ঢেকীয়াল হয় ৷
লগতে ইয়াকো কোৱা হয় যে এই অঞ্চলত বহু পৰিমাণে ঢেকীয়া শাক আছিল সেয়েহে ঢেকীয়াল হয়৷
মূলতঃ ঢেকীয়াল অঞ্চল আহোম যুগত এখন গুৰুত্বপূৰ্ণ ঠাই আছিল ৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত ঢেকীয়াল য়ে এক সুকীয়া স্থান অধিকাৰ কৰিছিল ৷ তেখেতে গোলাঘাটৰ পৰা কলিয়াবৰৰ পূৱসীমালৈকে বিস্তৃত অঞ্চলতো শাসনৰ বাবে বৰবৰুৱা পদৰ সৃষ্টি কৰে আৰু ইয়াৰ দায়িত্বভাৰ মোমাই তামুলী ক অৰ্পণ কৰে ৷ মোমাই তামুলী য়ে এই এলেকাটো দুটা ভাগত ভগাই ওপৰ দৈয়াং আৰু নামদৈয়াং নামেৰে দুখন চহৰ পাতে ৷ ঢেকীয়াল অঞ্চল ওপৰ দৈয়াং ৰ অন্তৰ্ভূক্ত হয় আৰু লগতে মোমাই তামুলী বৰবৰুৱা ৰ শাসনাধীন হৈ পৰে ৷ মোমাই তামুলী আছিল আহোম ৰাজ্যৰ এজন সুদক্ষ সমাজ সংস্কাৰক ৷ তেখেতে ঢেকীয়ালত গাঁও গঠন কৰাৰ সময়ত পাচঁটা বেলেগ বেলেগ কুৰি লগ লগাই এটা শয়েক গঠন কৰিছিল ৷ এই শয়েকক ঢেকীয়াল শয়েক বোলা হৈছিল ৷ শয়েকৰ বেলেগ বেলেগ কুৰি কেইটা হৈছে 
ঢেকীয়াল কুৰি , মলখু কুৰি , ভেটুৱা কুৰি , যোগী কুৰি আৰু মুছলমান কুৰি ৷ 
   প্ৰতিটো কুৰিত চাৰি পাঁচটাকৈ চুক বা চুবুৰী আছিল। ঢেকীয়াল কুৰিৰ অন্তগৰ্ত চুবুৰী হৈছে - শইকীয়া চুক , চমাৰ চুক , কুমাৰ চুক , আধলি চুক ৷ এই ঢেকীয়াল কুৰিৰ কাম- কাজৰ চোৱা - চিতা কৰিবৰ বাবে ঢেকীয়াল শইকীয়া নিয়োগ কৰা হৈছিল৷ 
মলখু কুৰিৰ অন্তগৰ্ত চুক কেইটা হৈছে - মিঠৈ বন্ধা চুক , তামুলী চুক , ঘূৰাই চুক , বছা চুক আৰু ফুৰুলি মৰা চুক ৷
ভেটুৱা কুৰিৰ অন্তগৰ্ত চুকসমুহ হৈছে - মুদৈ চুক , ভেটুৱা চুক , নগাধাৰী চুক আৰু কঁহাৰ চুক ৷
যোগী কুৰিৰ অধীনৰ চুক কেইটা হৈছে - কনটিকা চুক , বৰপেটা চুক , খালে ভঙা চুক আৰু কুন্দাৰ চুক৷ মুছলমান কুৰিত কেৱল দুঘৰ লোকক হে অন্তৰ্ভূক্ত কৰা হৈছিল ৷ এই শয়েকসমুহৰ মূল কাম আছিল অঞ্চলসমুহৰ আৰ্থ সামাজিক দিশৰ উন্নয়ন সাধন কৰা ৷ মোমাই তামুলীয়ে ঢেকীয়াল কুৰিৰ লোকৰ হতুৱাই ঢেকীত ধান বনোৱাইছিল , মলখু কুৰিৰ দ্বাৰা ঢেকীয়াল কুৰিয়ে বানি দিয়া চাউলৰ মলখু বচাইছিল , যোগী কুৰিৰ দ্বাৰা পাট পলু- এড়ী পলু ৰ সূতা কটোৱাইছিল ৷ ভটুৱা কুৰিৰ লোকসকলে অঞ্চলটোত উৎপাদিত সামগ্ৰীসমুহ নি মোমাই তামুলী বৰবৰুৱাক যোগান ধৰিব লাগিছিল ৷ 
  আহোম ৰাজত্বৰ পৰৱৰ্তী কালতো ঢেকীয়ালৰ গুৰুত্ব কমা নাছিল ৷ স্বৰ্গদেউ গদাধৰ সিংহই ধোদৰ আলি আৰু চিকাৰী ঘাটৰ সৈতে সংযোগ স্থাপন কৰিবৰ বাবে ঢেকীয়ালৰ কেন্দ্ৰস্থলত উত্তৰা দক্ষিণাকৈ অকা আলি বন্ধাইছিল ৷ যিতো বৰ্তমান হেমচন্দ্ৰ গোস্বামী পথ নামেৰে জনাজাত ৷ শিৱ সিংহৰ ৰাজত্ব কালত ঢেকীয়াল অঞ্চলৰ চোৱা - চিতাৰ বাবে ' ঢেকীয়াল বৰুৱা' পদৰ সৃষ্টি কৰিছিল ৷ মূলতঃ ঢেকীয়ালৰ বায়ু - পানী - মাটিয়ে সকলোকে আকৰ্ষিত কৰিছিল ৷ (আগলৈ)

✍️ দশমী শইকীয়া 
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)