নিষ্পাপ নিশা-ৰুমী কলিতা দত্ত

©Admin
0
খেৰণিডৰা বৰ ডাঠ 
নিয়ৰৰ মুকুতাই তাত চাদৰ পাৰিছে
গোলাপৰ থোপাত মৰম সাঁচিছে 
নিষ্পাপ নিশা ৰূপালী জোনে
কাষতে থিয় হৈ ক'ব 
তুমি নুশুবা সপোন আহিব !!

নিশাটিৰ বুকুত সুন্দৰ ডেউকা লগাই তোমাকেই জুমি চাব 
তোমাৰ নীলা চাদৰত তৰাবোৰৰ বুটা নুতুলিবা !!
কৃপণ নহ'বা !!
উৰি ফুৰিবা সৰু পৃথিৱীখনত জোনাকীক লগত লৈ 
ধুনীয়া দলংখন পাৰ হ'বা ।
নীলাভ নয়নত নিষ্পাপ নিশা 
মনে মনে বেৰৰো কাণ আছে ।

✍️ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)