কৃষ্ণচূড়া- সান্নিধ্য শইকীয়া

©Admin
0
কৃষ্ণচূড়া ক্ষিতিবোৰ ফুলি আছে।।
কিন্তু তেতিয়া ফুলি থকা ফুলবোৰ দেখি,,
সপোনবোৰ ক'ত যে থমকি ৰয়।।
কতজনৰ মনৰ আকাশত,,
ডাৱৰে খেলে লুকা-ভাকু।। 
আৰু কতজনৰ আশাৰ ছাঁ, কাৰ প্ৰতীক্ষাত,,
পৰুৱাৰ দৰে লানি নিছিগা দুগালত চকুলো।।
আজি কিয় শুকাই যায়,,
আশাৰ পোহৰে মচি দিয়া,,
সেই চকুলো....।।
কিহৰ আপেক্ষাত ?
থমকি যোৱা সপোনবোৰে প্ৰাণ পাবনে,,
আকৌ ৰঙীন হ'বলৈ ?
নিমাত হৈ পৰিল আজি,,
শুৱলা মাতৰ এই পদূলি।।
কেনিনো গ'ল মৌৰ দৰে মিঠা শুৱলা মাতবোৰ।।
এতিয়া আপেক্ষা মাথোঁ,,
নতুন শুৱলা মাতৰ লগত নতুন খোজ,,
মোৰ এই নিমাত পদূলিত।।

✍️সান্নিধ্য শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)