পানী কাউৰীৰ জাক |
খলিহনা মাছকেইটাই
হিলদল ভাঙি
লুকাই থাকে
পানী মেটেকাৰ তলত |
দীঘল চুলিটাৰী
পানীত তিতি থাকে
উৰে ৰাতি |
পুখুৰীৰ পাৰত
পানী মেটেকাৰ পিঠিত
বহি লুকাই থাকে
কণামুছৰী |
পানী মেটেকা
কণামুছৰী
খলিহনা মাছ
আহি নকুল বন্ধু হ'ল
গোটেই ৰাতি ||
✍️হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ