ৰাস্তাৰে গ'লে এটা শব্দ শুনো গুণ্ডা
সকলোৱে আঁতৰি যায়,
কয় আহিছে গুণ্ডা আঁতৰ হ
মুখত মদৰ গোন্ধ ।
পৰিচয় বিহীন সন্মান বিহীন এজন গুণ্ডা
সলনি পোচাক দেহৰ ভংগীমা
ওঁঠত জলন্ত চিগাৰেট ,
ৰাজপথত কৰে অপ্ৰয়োজনীয় কাণ্ড ,
তাইৰ ওচৰ চাপিলে কয় গুণ্ডা
যিয়ে কৈছিল তুমি ইমান শান্ত
মই ল'ৰাই নষ্ট
মোৰ সংগ সময় সাপেক্ষে উপযুক্ত
মই গুণ্ডা হয় মই গুণ্ডা সকলোৱে কয় মই গুণ্ডা
আচলতে মোক গুণ্ডা বনালে কোনে?
আজিও এয়া উত্তৰ বিহীন প্ৰশ্ন।
(বিঃ দ্ৰঃ গুণ্ডা নহয় !কিন্তু অলপ নষ্ট হয় ,নিচাহৰ সৈতে সম্পৰ্ক নাই ,গাড়ী মোৰ নহয়)
✍️ আৰ্জু আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ