ৰুণজুন ( খণ্ড - ৩৪)~ধাৰাবাহিক উপন্যাস - মীনা পামে গাম

ৰুণৰ মাকৰ ঘৰৰ পৰা অহাৰ পিছত চান আৰু মুনে ককাক-আইতাকে কৰা মৰমবােৰ আওঁৰাই আছিল । বহুদিনৰ পাছত এনে ভৰা সংসাৰৰ মাজত সম্বন্ধীয়ৰ আদৰ-সাদৰবােৰে মনত বৰকৈ সাঁচ বহুৱালে কিয়নো আজিকালি তেওঁলোকৰ ঘৰৰ পৰা এজন সদস্য (দেউতাক ৰিহন ) নোহোৱা হোৱাৰ দৰেই হৈছে ।
বাপেক থাকিও নথকাৰ দৰে হৈছে ।

ৰিহণ আগতে নাথাকিছিল বান্ধৱী পল্লৱীৰ বাবে আৰু এতিয়া নাথাকে সকলোৰে আগত কথাষাৰ ৰাষ্ট্ৰ কৰি দিয়াৰ বাবে ।
ৰাতি ঘৰত অমল কাইক ৰুণে মাতি ক'লে," ৰাতিৰ আমাৰ বাবে বৰ বেছি হেভি খানা বনাব নালাগে - মাত্ৰ দুখনমান ৰুটি আৰু ভাজি বনালেই হ'ব । সেইদিনা দেউতাকে চানলৈ ফোন কৰি ঘৰৰ খবৰ লৈছিল, কাৰণ ৰুণক ফোন কৰিবলৈ তেওঁ সাহস গোটাব পৰা নাছিল । 

পিছদিনা পুৱা সকলোৱে ব্ৰেকফাষ্ট খাই উঠি টিউচন চেণ্টাৰটো চাবলৈ বুলি মাকৰ লগত ওলাইছে । ৰুণে গা ধুই উঠি মূৰ ফণিয়াই ফোট লগাবলৈ লৈ ড্ৰেচিঙ আইনালৈ নিজকে চাই প্ৰশ্ন কৰিলে, " মােৰ সেন্দুৰৰ মূল্য ৰিহণে এতিয়া দিছে জানো " ? 

::কিমান আশা আৰু হেপাহেঁৰে সেন্দুৰকণ লৈছিলোঁ - যাৰ বাবে লোৱা হৈছিল তেৱেঁইচােন আঁতৰি গ'ল !! ৰিহণ স্বামী আছিল -সেয়া যেন আজি অতীত হৈ যাবলৈ লৈছে !!

অকল সেয়ে নহয় ৰুণে ৰিহণৰ কিমান (?) দোষ ক্ষমা কৰি দিছে -- তেওঁলোক দুয়োয়েহে জানে !!!

::সেই দিনবােৰ - যেতিয়া ঘৰৰ কামকৰা বাই সবিতাৰ গৰ্ভত ৰিহণৰ সন্তানে গৰ্ভধাৰণ কৰিছিল তাৰ ক্ষতিপূৰণৰ বাবদ তিনিলাখ টকা সবিতাৰ গিৰিয়েকে লৈছিল !!! 
সেই কথাবােৰ !! 
তাই কাকো কোৱা নাই !!
ৰিহণক মাফ কৰি দিয়াৰ নিচিনাই হৈছে !
ইমানখিনিৰ পাচতো ৰিহণ তাইৰ ওচৰলৈ অহাতো তাই বিছাৰিছিল !!
আতঁৰি আঁতৰিহে গৈ আছে মানুহজন !!

কাকো ক'ব নোৱাৰাকৈ মনে মনে হৃদয়ত সোমাই কথা বিষয়বােৰৰ লগত ৰুণে যেতিয়া নীৰৱে কথা পাতে, তেতিয়া নিজকে সকলোতকৈ দুখী তিৰোতা বুলি অনুভৱ কৰে ।

::মুনৰ মাতত ৰুণৰ সম্বিত জ্ঞান ঘূৰি আহিল । তাইৰ হৃদয়ৰ দুখবােৰ যেন "হৃদয়তে এখন নিলিখা কিতাপ হৈ আছে" । অকল সেয়েই নহয় বহু সময়ত সৰু -ডাঙৰ ঘটনা হৃদয়তে লিপিৱদ্ধ কৰি ৰাখিছে তাই !! জীৱনৰ দুখ-সুখবােৰ লুতিয়াই - বগৰাই চায় ॥ সুখৰ কাষে-কাষে যেন দুখবােৰে অগাডেৱা কৰি থাকে !!!

:: মুনৰ মাত পাই মনৰ ভিতৰত ভাবি থকা কথাবোৰ পাগুলিয়াই থাকোতে ড্ৰেচিং টুলৰ পৰা উঠি আহিল । 

:: চান আৰু মুনৰ বাবেই তাই এতিয়া জীয়াই আছে । ৰিহণৰ লগত মানসিক সম্পৰ্কই নাই - বাকী কোৱাৰ প্ৰয়োজন নাই....। নাই, এতিয়া সেই ৰিহণক ঘূৰাই পালেওঁ যেন তাই গ্ৰহণ কৰিব নোৱাৰিব ।

:: ঘৰখনত তাই ঘূৰি অহাৰ পিছত পুনৰ ৰং ৰূপবােৰ যেন উজ্জীৱিত হৈ উঠিল ।
ঘৰৰ দ্ৰাইভাৰৰো ইমান দিনে কাম নাছিল , মাথো সি দৰমহা লৈ থকাৰ নিচিনাই হৈছিল ।
:: ৰুণ অহাৰ পিছত ড্ৰাইভাৰেই গুণগুণাই গাড়ী চাফা কৰি আছিল । আজি বহুদিনৰ পাছত আগৰ দৰে মেমচাহাবে গাড়ী উলিয়াবলৈ দিছে । তাৰো মনটো ভাল লাগিল ।

::চানে মা মা কৈ মাতি আছিল । আহা মা ।
মাকে অমল কাইক ৰন্ধাৰ বাবে নিৰ্দ্দেশ দি আছিল । আজি কি ৰান্ধিব । ৰান্ধনিক উজান বজাৰৰ পৰা চিতল মাছ পুৱাই আনি থবলৈ ক'লে আৰু আৰু আজি লকেল ভাল মাছেৰে ভাত খাব ।

:: সকলোৱে গাড়ীত উঠি গৈ টিউচন চেণ্টাৰ পালেগৈ । কেইবাদিনো বিৰতিৰ পিছত চেণ্টাৰৰ কাম -কাজবােৰ ৰুণে অলপ চোৱা-চিতা কৰিলে । চেণ্টাৰৰ মেনেজাৰজন ভাল কাৰণেহে ৰুণে ভৰষা কৰিব পাৰিছে । মেনেজাৰ প্ৰীতম বৰ ভাল ল'ৰা । কম্পিউটাৰৰ সকলো কাম জানে, তাৰোপৰি Economics ত এম. এ.
সেইবাবে একাউণ্টেন্সো তেওঁ চায় । বছৰি এটা batch অৰ পৰাই বহুত টকা আহে আৰু পুৱা ৬ বজাৰ পৰা ১১ টা batch এটা বিষয়ত ক্লাচ VIII, IX আৰু X ৰ ক্লাচ হয় । সকলো মেনেজ কৰা কম কথা নহয় ॥ তাই চেন্টাৰ ভালদৰেই চলি আছে ।
চেন্টাৰ চাই তেওঁলোক ঘূৰি আহিল॥॥

(আগলৈ)

✍️মীনা পামে গাম

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send