এই ৰাতি- উপাসনা শিৱম

©Admin
0
ধৰাৰ বুকুত ৰাতিৰ তৰাই
জিলমিল সপোন ৰচে
মায়াৰ ধৰাত তোমাৰ চিন্তাই
মন উগুল-থুগুল কৰে..।
ডাৱৰ এচপৰা আহি
ধৰে ঢাকি
ৰাতিৰ আকাশখনি
যৌৱন সাগৰত বাই তৰি
সপোনৰ ডিঙাখনি..।
মেঘৰ ছাঁয়াই
খেলিলে লুকাভাকু
ধূসৰ ছাঁয়াই
আৱৰিলে জীৱন মধু..।

✍️উপাসনা শিৱম
বুঢ়ীনগৰ মহাবিদ্যালয়
দৰং জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)