ধৰ্ম আৰু ইয়াৰ প্ৰয়োজনীয়তা ০৫~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
মানুহৰ সৰ্বপ্ৰকাৰ ভেদাভেদ দূৰ কৰি বিশ্ব ঐক্যৰ পথ সুগম কৰি তুলিব পাৰে একমাত্ৰ ধৰ্মই | ধৰ্মৰ সৈত্য বিজ্ঞানৰ কোনো সম্পৰ্ক নথকাও নহয় | ধৰ্মৰ কিছুমান বিষয়ৰ সৈতে বিজ্ঞান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে | সকলোবোৰ মানুহে ধৰ্ম শব্দটোৰ সত্যতাক বিশ্বাস কৰে যাৰ বাবে কিছুমান ক্ষেত্ৰত নাপায় শব্দ ব্যৱহাৰ কৰি মানুহক বেয়াৰ পৰা আঁতৰত ৰখা হয় , কিন্তু তাতো কোনো কোনো ক্ষেত্ৰত বিজ্ঞান জড়িত হৈ আছে |
   আমি সকলোবোৰ কথাৰ আধাৰত ইয়াকে ক'ব পাৰোঁ যে বৰ্তমান যুগ যদিও বিজ্ঞানৰ যুগ তথাপিও যেন ধৰ্মৰ স্থান দখল কৰিবলৈ সমৰ্থ হোৱা নাই | বিজ্ঞানে যিবোৰ নতুন নতুন তথ্যৰ উদঘাটন কৰিছে সেইবোৰৰ মানুহৰ জীৱনত যথেষ্ট অৰিহণা আছে | বৰ্তমান সমাজত এক হিংসাৰ মনোভাৱে গ্ৰাস কৰিবলৈ লৈছে আৰু মানুহৰ মাজত ভাতৃত্ববোধৰ ভাৱ নাইকীয়া হৈ যোৱাৰ উপক্ৰম ঘটিছে | যাৰ ফলত সমাজত নানান সমস্যাই গা কৰি উঠিছে | এই সকলোবোৰ আঁতৰ কৰিবলৈ হ'লে প্ৰতিজন মানুহৰ মনত উদাৰতা , ভাতৃত্ববোধ , ন্যায়পৰায়ণতা , ঐক্য আদি ভাৱবোৰৰ সৃষ্টি কৰি সমাজখনক একতাৰ এনাজৰীৰে বান্ধি স্বাৰ্থ বিহীনভাবে এখন নিকা সমাজ গঢ় দিবলৈ চেষ্টা কৰাটো অত্যন্ত আৱশ্যক যিটো সম্ভৱ কৰি তুলিব পাৰে একমাত্ৰ ধৰ্ম তথা ধৰ্মীয় অনুংভূতিৰে ||

সমাপ্ত

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)