বাঁহতলৰ যখিনী ০৩~গল্প - পূৰ্ণিমা হালৈ

©Admin
0
সেই নিশাটোৰ পৰা প্ৰশান্ত এৰাব নোৱাৰা নৰিয়াত ভুগি আজি পঞ্চম দিনাত ভৰি দিলে।তাৰ দেহত কোনো ঔষধে কাম নকৰা হ'ল।খোৱা বোৱা এৰি দিলে সি। তাৰ মুখ মণ্ডল ক'লা পৰি আহিল।কোনো মানুহকে চিনি নোপোৱা হ'ল। পাগলৰ দৰে অকলে অকলে হাঁহি থাকে,আকৌ কোনোবা সময়ত "মোক এৰি দে,মোক এৰি দে" কৈ ভুল বকে।মাটিত আঁচোৰি থাকে। তাৰ এইবোৰ আচৰণ দেখি গাঁৱৰ মানুহে তাক পাগল হ'ল বুলি এৰি দিলে।তাক লৈ বিধৱা মাক আৰু ভনীয়েকৰ খুব চিন্তা। সি দা - কটাৰী বিচাৰি নিজকে নিজে আঘাত কৰে।সেইকাৰণে কালিৰ পৰা তাক মাকে তাৰ কোঠাত ভৰাই তলা মাৰি থৈছে দুৱাৰত।
    আজিও তাক কোঠাত বন্দী কৰি মাক পুখুৰীত কাপোৰ ধুবলৈ গুছি গ'ল।ঘৰত অকল ভনীয়েক আছিল। প্ৰশান্তই ভিতৰতে সোমাই মুখেৰে কিবা ভুৰভুৰাই আছিল। সি তেনেকৈ থকা দেখি ভনীয়েকে দুৱাৰৰ ফাঁকেৰে তাৰ লৈ চাই দেখিলে যে প্ৰশান্তই অদ্ভুত ভংগিমাত বহি তাইলৈ পোনপটীয়াকৈ চাই আছিল।তাৰ হাত ভৰি বোৰ ওলোটাকৈ আছিল। তাই ককায়েকৰ সেই চাৱনি দেখি ভয়ত পেঁপুৱা লাগি দৌৰি দৌৰি মাকক কথাটো ক'বলৈ আহোঁতেই আধা বাটতে ঢলি পৰিল।অলপ পাছত তাইৰ চেতনা অহাত মাকক সকলো কথা বিৱৰি ক'লে। তাইৰ কথা শুনি মাকৰ চকু কপালত উঠিল।মাকৰ আৰু বুজিবলৈ বাকী নাথাকিল যে প্ৰশান্তৰ কি হৈছে।তৎক্ষণাৎ মাক গাঁৱৰ সিটো মূৰে থকা অঘৰী তান্ত্ৰিক জনক মাতি আনিলে।তান্ত্ৰিক জনে প্ৰশান্তহঁতৰ ঘৰত ভৰি দিয়াৰ লগে লগে ভিতৰৰ পৰাই প্ৰশান্তই তৰ্জন -গৰ্জন কৰিবলৈ ধৰিলে।প্ৰশান্ত যে এতিয়া এটা অশৰীৰি আত্মাৰ কৱলত আছে সেই কথা তাৰ মাকক সদৰি কৰিলে।লাহে লাহে তেওঁ পূজা পাতল কৰিবলৈ আৰম্ভ কৰিলে।পূজাৰ মন্ত্ৰ প্ৰশান্তৰ কাণত পৰাৰ লগে লগে সি ঘৰৰ বেৰ ,দুৱাৰ ভাঙিব লৈছে।পূজাৰ মন্ত্ৰই তাক আগুৰি ধৰিছে। তাৰ গাত থিতাপি লোৱা আত্মা ক'লৈকো ওলাই যাব নোৱাৰা হ'ল। যিহেতু প্ৰশান্তৰ আত্মাই তাৰ নিজ দেহ ত্যাগ কৰা নাই সেই গতিকে সি বশৱৰ্তী হোৱা আত্মাই ঘৰৰ বেৰ ভেদি ওলাই যাব নোৱাৰা হ'ল। পূজা কৰি থকাৰ মাজতে তান্ত্ৰিকে প্ৰশান্তক ভিতৰৰ পৰা উলিয়াই আনিলে। সি টানি আজুৰি পলাবলৈ বিচাৰিছে।এপাকত তাৰ গাত পূজাৰ পানী এছাটি মাৰি দিয়াৰ লগে লগে সি মাটিত ঢলি পৰিল।
:____ ই বহুত বছৰীয়া পুৰণা আত্মা।বহুত শক্তিশালী।আপোনালোকে বহুত পলম কৰিলে।এতিয়া তাৰ গাত সোমাই থকা পাপী আত্মা সহজতে আঁতৰি যাব নিবিচাৰিব।দুদিনৰ আগতে মোক মাতি অনা হ'লে কাম বোৰ অলপ সহজ হ'ল হয় এতিয়া ইয়াক বচাব পৰা যাব নে নাযাব সেইয়া সম্পূৰ্ণ সেই আত্মা টোৰ ওপৰত নিৰ্ভৰ কৰিব।কিবা উদ্দেশ্য লৈয়েই প্ৰশান্তক বশ কৰি আছে।পলম হৈ যোৱাৰ কাৰণে প্ৰশান্তৰ নিজৰ আত্মা টো অতি দুৰ্বল হৈ পৰিছে। তাৰ আত্মাই পাপ ধ্বংস কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাইছে।প্ৰশান্তৰ মৃত্যু হৈ যাবলৈ আছে।গতিকে এতিয়া ভগৱানে কিবা কৰিলে হে কৰা।"

তান্ত্ৰিকৰ কথা শুনি মাক আৰু ভনীয়েক কঁপিবলৈ ধৰিছে।নিজৰ স্বামীৰ মৃত্যুৰ পাছত ছোৱালীজনী আৰু ল'ৰাটোৱে তেওঁৰ সকলো আছিল।এতিয়া মুখৰ আগতে যদি ল'ৰা টোৰ মৃত্যু হোৱা দেখে তেন্তে তেওঁ কেনেকৈ জীয়াই থাকিব।চকুপানী টুকি টুকি তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছে। তান্ত্ৰিকে মন্ত্ৰ মাতি প্ৰশান্তক নিজৰ হাতলৈ আনিলে আৰু তাৰ পৰা সকলো কথা উলিয়াবলৈ বিচাৰিলে।প্ৰথমতে সি আকোঁৰ - গোঁজ হৈ একো কোৱা নাছিল। তাৰ পাছত আকৌ তান্ত্ৰিকে যেতিয়া তাৰ গাত পানী ছটিয়াই দিলে তেতিয়া সি অৰ্থাৎ আত্মাই সকলো কথা ক'বলৈ ধৰিলে....
:_মই বাণী। সৌ বাঁহনি ডৰাতে থাকো।মোক কৰা হত্যাৰ বাবে মই সেই বাটেৰে ৰাতি দেৰিকৈ যোৱা পুৰুষক মোৰ ওচৰলৈ লৈ যাও‌ঁ।গতিকে ইয়াকো মই নেৰো।সব মাৰিব।গোটেই পুৰুষ মাৰিব।মোক যেনেকৈ মাৰিলে সকলোকে মাৰিম।
__ তই এইবোৰ কিয় কৰিছ? তোক কোনে হত্যা কৰিলে?

তান্ত্ৰিকে আকৌ ধমক দি সুধিলে.
" আজিৰ পৰা প্ৰায় ৮০ বছৰ মানৰ আগৰ কথা। মই আৰু মোৰ স্বামী এই গাঁৱতে নতুনকৈ বিবাহপাশত আবদ্ধ হৈছিলো। গাঁৱৰ কোনো মানুহে আমাৰ লগত আহ- যাহ নকৰে।কাৰণ আমাক ইয়াত কোনেও চিনি নাপায়। সকলোৱে আমাক ঘৃণাৰ চকুৰে চাইছিল।যদিও মই আৰু মোৰ স্বামী বহুত সুখী আছিলো।আৰু এদিন....... সকলোবোৰ যেন চকুৰ আগতে ঠান -বান হৈ গল। ৰাতি শুই থকাৰ মাজতে মোক হাত ভৰি বান্ধি কেইজন মান পুৰুষে লৈ গৈ সেই বাহনি ডৰাতে মোক জীয়াই জীয়াই পুতি পেলালে।মোৰ ভুল কি আছিল? নে এই গাঁৱলৈ অন্য ঠাইৰ পৰা অহাৰ কাৰণে খং সকলোৰে। নতুন কৈ বিয়া পাতি কিমান সপোন দেখিছিলো কিন্তু সেই ৰাতি টোৱে মোক শেষ কৰি দিলে।মোক কোনে মাৰিলে নাজানো।সিহঁতৰ চেহেৰাও নেদেখিলো।মাত্ৰ কেইজন মান পুৰুষ বুলি গম পাইছিলো।আৰু তেতিয়াৰ পৰা মোৰ স্বামীৰো কোনো সন্ধান নাই। নাজানো তেওঁ জীয়াই আছে নে এতিয়া।

" এইয়াটো বহুত বছৰৰ আগৰ কথা। মই তেতিয়া ৬/৭ বছৰীয়া ছোৱালী আছিলো।যিদিনা ঘটনা টো ঘটিছিল সেইদিনা গাঁৱত গোটেই চিঞৰ বাখৰ।কিন্তু তাত কিবা হত্যা হৈছিল বুলি কোনো মানুহেই গম পোৱা নাছিলে। বানীয়ে কোৱাৰ দৰে হয় তেওঁলোকৰ লগত গাঁৱৰ কোনো মানুহৰে সম্পৰ্ক নাছিল। সেইদিনা বাণী হঁতৰ ঘৰত খুব হুলস্থল। শুনা মতে বাণীৰ স্বামীয়ে গাঁৱৰে এঘৰত চুৰ কৰি হাতে লুতে ধৰা পৰিল।আৰু সোধা-পোচাৰ কাৰণে মানুহ সিহঁতৰ ঘৰলৈ গৈছিল।লগত মোৰ দেউতাও আছিল।দেউতাই কোৱা মতে তেওঁলোকে বাণীৰ স্বামীৰ লগত তৰ্কা-তৰ্কি কৰি অলপ পাছত গুছি আহিছিল।আৰু তেতিয়াৰে পৰা বাণী আৰু তেওঁৰ স্বামীৰ কোনো সন্ধান পোৱা নগ'ল। তেওঁলোক ঘৰ এৰি গুছি গৈছিল বুলি সকলোৰে সন্দেহ হৈছিল।পাছত ঘৰত তেজৰ চেকুৰা দেখিছিল যদিও কথাটো তাতেই সাম কাটিল।কিন্তু বিশ্বাস কৰা বাণী তোমাক আমাৰ গাঁৱৰ কোনো মানুহে হত্যা কৰা নাই।তেওঁলোক কেৱল ঘৰলৈ কথা সুধিবলৈ হে গৈছিল ।তুমি তেওঁলোকক হত্যাকাৰী বুলি মিছাই ভাবিলা।তাৰ অলপ দিনৰ পাছতে গাঁৱলৈ কিবা কাৰণত পুলিচ আহিছিল আৰু ৰেডিঅত শুনা মতে তোমাৰ স্বামীক পুলিচে ধৰি নিছিল হত্যাৰ দোষত।মোৰ দেউতা তেতিয়া পুলিচ বিষয়া এজনৰ গাড়ী চালক আছিল। তেওঁ পুলিচ সকলৰ মাজত হোৱা সকলো কথাই জানিছিল। এদিন তাতে তোমাৰ স্বামীক দেখি আচৰিত হৈ পুলিচক সোধাত গম পালে যে তেওঁ নিজৰ পত্নীক হত্যা কৰি পলাই ফুৰিছিল। কিন্তু ঘটনা টো কেতিয়া, ক'ত ঘটিছিল তাৰ বিষয়ে একো গম নাপালোঁ। গতিকে তুমি নিৰ্দোষী মানুহৰ প্ৰাণ লৈ কি পাবা বাণী।মোৰ ল'ৰা টো এৰি দিয়া।মই সি নহ'লে কেনেকৈ থাকিম?

বাণীৰ কথা বোৰ শুনাত প্ৰশান্ত ৰ মাকে কান্দি কান্দি কথাবোৰ কৈ গল।

"কি....? মোক মোৰ স্বামীয়ে হত্যা কৰিছিল।"।"৮০ বছৰে মই এইটো সত্যত আছিলো যে মোক আন কোনোবাই হত্যা কৰিছে।কিন্তু মোৰ ভুল কি আছিল যে মোৰ স্বামীৰ হাততে মৃত্যু হব।
প্ৰশান্তৰ দেহতে বাণীৰ আত্মাই কান্দিবলৈ ধৰিলে।

" এতিয়া গম পালি নহয়। তই মুক্তি পালি এতিয়া।তোৰ স্বামীয়ে তোৰ লগত যি কৰিলে তাৰ বিনিময়ত শাস্তি পালে।গতিকে তই সত্যটো গম পালি যেতিয়া প্ৰশান্তক এৰি দি ইয়াৰ পৰা গুছি যা আৰু কেতিয়াও মানুহক আক্ৰমণ নকৰিবি।নহলে তোক মই খুব কোবাম।"

তান্ত্ৰিকৰ কথা শুনি বাণীয়ে প্ৰশান্তৰ শৰীৰ এৰি এই পৃথিৱীৰ পৰা গুছি গ'ল। লগে লগে প্ৰশান্ত মাটিত পৰি গ'ল।

তান্ত্ৰিকে কোৱা মতে সেইদিনা প্ৰশান্তৰ ভাগ্য ভাল আছিল। সি ভয় নকৰিলে।সেইদিনা ৰাতি যদি সি ভয় কৰি দেখুৱালে হেঁতেন তেন্তে তাক আৰু ঘূৰাই পোৱা নগ'ল হেঁতেন।

গতিকে ভয়ৰে নহয়।সদাই সাহসেৰে যুঁজিব লাগে। মনত ভয় থাকিলেও মুখত সাহস প্ৰতিফলিত হব লাগে।

সমাপ্ত।

✍️ পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)