ঘৰৰ ডাঙৰ ছোৱালী-চুটিগল্প~প্ৰেৰণা গোহাঁই

Rinku Rajowar
0
সংগোপনে চহৰৰ মাজলৈ সন্ধিয়া নামি আহিছিল।তথাপি  তাই সৰু আশা এটা বুকুত বান্ধি বহি আছিল কয়লাৰ জুইকুৰাৰ কাষত । আৰু দুজন মান গ্ৰাহক আহে নেকি! নাই কোনেও তাইৰ ফালে কেৰাহিকৈও চোৱা নাই। ব্যস্ত সকলো নিজতে ।কাৰনো সময় আছে আনৰ কথা ভাবিবলৈ বা বুজিবলৈ । নাই কৰো নাই। কয়লা জুই কুৰালৈ চাই তাই ভাবিলে আজি ছাগে তাইৰ দিনটোৱে বেয়া।  বিক্ৰী ভাল নহলে ঘৰ নচলে । ১০ টা গুমধানৰ মাত্ৰ তিনিটাহে  বিক্ৰী হৈছে । মাত্ৰ তিনিটা গুমধান বিক্ৰীৰ পইচাৰে তাই কৰে কি!! ইফালে মাক অসুখীয়া । সৰু ভায়েকটোৰ সৈতে বেমাৰী মাক জনীক এৰি আহিছে । সি বা কি কৰিছে। আজি এসপ্তাহে নেৰা নেপেৰা বৰষুণ । ওলাব নোৱাৰা অৱস্থা। আজি অলপ মুকলি হোৱা দেখি পুৱাই ভায়েকক হাতত মোনা এটা দি ঘৰৰ ওচৰৰ বাৰীখনত থকা কচু ,ঢেকীয়া যি পায় আনিবলৈ কোৱাত সিও কিবা অলপ বুটলি আনিলে। তাক হেনো ম'হ আৰু জোকে বৰকৈ আমনি কৰিলে। বুটলি অনা কচু, ঢেকীয়া আৰু বাৰীৰে গুমধান কেইটা লৈ বুধবৰীয়া বজাৰলৈ বুলি ওলাল। চহৰৰ বজাৰত এই কচু, ঢেকীয়াৰ আদৰ কিছু হলেও বেছি। তাইৰ গোমধান বিক্ৰী নহলেও অন্তত কচু ,ঢেকীয়া কেইডাল বিক্ৰী হয়। যা হওক ঘৰখন চলে সেই কেইটা পইচাৰে। নাই আৰু বহি থাকি লাভ নাই । লাহে লাহে বস্তুবোৰ সামৰি বান্ধি ললে তাই। চহৰৰ এই পোহৰৰ পৰা তাই গাঁৱৰ এন্ধাৰ বাটতোৰ দিশে খোজ দিলে। হাতত মাত্ৰ ৬০ টা টকা। তাৰেই মাকৰ দৰৱ আৰু ঘৰলৈ মোহন দাইটিৰ দোকানৰ পৰা ২কেজি চাউল লব লাগিব। ভায়েকৰ বাবে আজিও মৰটন নিয়া নহব। পইচা একেবাৰে হিচাপত আছে এটকা এটাও বেছি নাই তাইৰ ওচৰত। নাপালে ভায়েকে থেন থেনাব ভাত নাখাব। তথাপি তাই মিছা আশা এটা দি বুজাব ।বুজালে সি বুজিব । পুৱা বুটলি অনা ঢেকীয়া কেইডাল মান ঘৰতো থৈ আহিছিল তাকে বয়েল কৰি মাকক ভাতকেইটা দিব। ভয়েকটোকো খুৱাব লাগিব। তাই বাৰু নোখোৱাকৈ থাকিব পাৰিব। আজি চাৰি দিন ধৰি তাইটো ভাতৰ মাৰ আৰু পানী খায়েই পাৰ কৰিলে । আজিও তেনেকৈয়ে চলি যাব। এন্ধাৰ বাটতোৰে গৈ থাকোতে গাঁওৰে কোনোৱা এটাই কলে ঐ সৌজনী ৰে'লে কটা মোলোকা দাইদিৰ হঁতৰ ঘৰৰ ডাঙৰ ছোৱালী জনী নহয় জানো। তাইৰ বুকুখন বিষাই উঠিল আজি দুবছৰে  তাই এই পৰিচয়ৰ মাজেৰে জীয়াই আছে। ৰে'লে কটা মোলোকা দাইটিৰ ডাঙৰ জীয়েক । কোনে নিৰ্ধাৰণ কৰি দিছিলট তাইৰ এই পৰিচয়?? মাকেতো তাইক ঘৰত  মণি বুলি হে মাতে। তেনেহলে এই পৰিচয় এই নাম তাইক কোনে দিলে ??? সমাজে!! কিন্তু কিয়???? মদাহী দেউতাকটোক ৰে'লে কটাৰ বাবে????


🖋️প্ৰেৰণা গোহাঁই
তৃতীয় ষান্মাষিক 
তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)