দক্ষিণ কামৰূপৰ ৰাভাসকলৰ স্ত্ৰী আচাৰ অনুষ্ঠান ০৬~ প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0


বগেজাৰী নৃত্য----

দক্ষিণ কামৰূপৰ ৰাভাসকলৰ মাজত প্ৰচলিত এটি আচাৰ অনুষ্ঠান হৈছে বগেজাৰী নৃত্য -গীত | ব'হাগ মাহত ৰাভা নাৰী সকলে মাদল , থৰকা ( টকা) বজাই গৃহস্থৰ ঘৰে ঘৰে বগেজাৰী গীত গাই নৃত্য কৰে | এই নৃত্য পৰিবেশন কৰোঁতে তেওঁলোকে ৰঙা ৰঙৰ ব্লাউজৰ ওপৰত ৰঙা মেখেলাৰ মেথনি মাৰে | বগা গামোছা এখনেৰে কঁকালত টঙালী বান্ধে | প্ৰত্যেক গৰাকীয়ে খোপা বান্ধে আৰু কপালত ডাঙৰকৈ ৰঙা ফোঁট লয় | এনেদৰে সাঁজি-কাঁছি দহৰ পৰা পোন্ধৰ গৰাকীমান তিৰোতাই মাদলৰ তালে তালে ঘুৰণীয়াকৈ নাচে | কিংবদন্তী মতে পুৰণি খোপে আৰু বগে নামৰ দুজনী দুগৰাকী বাই-ভনী আছিল | বগে গায়িকা আৰু গীতিকাৰ আছিল | তেওঁ বিভিন্ন ভাৱ আৰু পৰিবেশৰ কথা সংযোজন কৰি সুৰ লগাই গোৱা গীতকে বগেজাৰী গীত বুলি কোৱা হয় ভিন্ ভিন্ দিশ প্ৰতিফলন কৰি গোৱা গীতত বিভিন্ন ৰঙৰ সমাবেশ হোৱা কাৰণে বগেজাৰী গীতক বহুৰঙী বা বহুৰাঙী গীত বুলিও কোৱা হয় |
    আন এটি আখ্যান মতে প্ৰাচীন কালত ৰায়খাল নামৰ বিলৰ পিতনিত গজা কচুশাক তুলি থকা গাভৰু এজাকে আকাশেদি উৰি যোৱা বগলীৰ জাক দেখি আনন্দত মতলীয়া হৈ পৰিল | গাভৰু জাকেৰে মাজৰ ৰঙিলী গাভৰু এজনীয়ে চিঞৰি কলে বগলী উৰিছে চা ঐ চা | তেনেতে কাষতে থকা ৰঙিয়াল ডেকা এজনে তপৰাই উত্তৰ দিলে | বগ ঐ জাৰী বগ | এই বগ ঐ জাৰীৰ পৰাই বগেজাৰী নাম আহিছে বলি বহুতে কয় |
বগেজাৰী গীত বিভিন্ন প্ৰকাৰৰ | স্বামী -স্ত্ৰীৰ হাঁহি -খিকিন্দালি , যৌৱনৰ উন্মাদনাত যুৱক -যুৱতীৰ উশৃংল জীৱন কাহিনী , প্ৰেমিক--প্ৰেমিকাৰ গোপন অভিষাৰ , নিঠৰুৱা জীৱনৰ দুৰ্যোগ, আবেগ অনুভূতি আদিৰ নিখুঁত বৰ্ণনা এই গীতবোৰত প্ৰতিফলিত হয় | আগলৈ

    হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)