কাতিৰ সোণবৰণীয়া পথাৰৰ,
কুৱঁলীৰ চাদৰ ফালি
আহিলিনে জাকে জাকে কাতিয়া ধান দাৱলৈ ছোৱালী- বোৱাৰী মােৰ ॥
আঘোণলৈ কিছুপৰ আছে,
তহঁতৰ উচ্ছল হাহিঁবােৰ এতিয়াই শেষ নকৰিবিচােন !!
সাঁচি থচোন
হাঁহি আনন্দবােৰ
উষ্ম উশাহবােৰ বোৱাই দিবি
শীতৰ আঘোণী পুৱাৰ কুৱঁলীৰ সতে ॥
ৰৈ দে
ৰৈ দে,
হাঁহি অলপ থৈ দে,
সোণালী পথাৰত চতিয়াই দিবি
তহঁতৰ নৰা-ল'ৰি-যোৱা বনগীতৰ
সুৰৰ লহৰত ॥
চৰাই চিৰিকতিয়াে
উচপ খাই উঠিৱ
তহঁতৰ খিলখিলনিত ..॥
মােত বাৰীৰ ৰবাব
লৈ যা,
লৈ যা,
ভৰ দুপৰীয়া
আঘোণী ৰ'দত বহি
টেঙা খাই ..
জিকাৰ মাৰি দিবি
এবাৰ দুবাৰ ..
উস: কি সোৱাঁদ !!!
তাৰিয়নী বিলৰ
খৰিকাত দিয়া মাগুৰ মাছৰ পিতিকাৰে
বৌয়েৰে সাজি দিছে - ভাতসাজ,
খাই ল
খাই ল,
ভােটজলকীয়াৰ-
জ্বলাবােৰ
মুখ মেলি কমাই ল'বি
পশ্চিমৰ বেলিটিলৈ চাই ।
হাচতিৰ তামোল কেইখন
বিলাই খাই
আৰু নবহিবি
শীতৰ বেলি লহিয়ালেই
খৰকৈ ধান কাটি মুঠি মুঠি কৰ ।
বেলিয়ে ভৰি মেলিলে,
পাছে পাছে তয়ো মেলিবি
নিজা পজাটিলৈ বুলি ।
ৰূপকৰ ধান ভাৰৰ চেৰেং-চেৰেং শব্দৰ
তালে তালে
তয়াে যাৱি ককাল ভাঙি ভাঙি
আজিলৈ পথাৰ বিদায় বুলি ॥॥॥
✍️মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ